ৰিপড জিন্স, হাফ পেণ্ট পিন্ধি সমুদ্ৰতীৰলৈ যাব পাৰি, কিন্তু তেনে পোছাক পিন্ধি মন্দিৰলৈ যাব নোৱাৰি। এই দাবী পুৰীৰ জগন্নাথ মন্দিৰ কৰ্তৃপক্ষৰ। বহু ভক্তই মন্দিৰ মর্যাদা অনুসৰি পোছাক পৰিধান নকৰে ৷ গতিকে তেওঁলোকে নতুন পোছাক বিধি প্ৰস্তুত কৰিবলৈ সাজু হৈছে মন্দিৰ কতৃপক্ষ । পুৰী মন্দিৰত কেনে ধৰণৰ পোছাক পৰিধান কৰি প্ৰৱেশ কৰিব নোৱাৰিব সেয়া সদৰী কৰা হৈছে ৷
পুৰী মন্দিৰৰ প্ৰশাসনিক মুৰব্বী ৰঞ্জন কুমাৰ দাসে কয় যে অহা বছৰৰ ১ জানুৱাৰীৰ পৰা দৰ্শনাৰ্থীৰ সাজ-পোছাকত প্ৰযোজ্য হ’ব নতুন নিয়ম। নিয়মাৱলী কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিব কৰ্তৃপক্ষই। মন্দিৰত ফটা জিন্স, হাতৰ আঁচল নথকা চাৰ্ট বা হাফ পেণ্ট সহ্য কৰা নহ’ব। পুৰী মন্দিৰত ধৰ্মীয় আৱেগক ক্ষুন্ন কৰা পোছাক পিন্ধাতো নিষেধাজ্ঞা আৰোপ কৰা হ’ব।“
তেওঁ কয়, “মন্দিৰৰ পবিত্ৰতা বজাই ৰখাটো আমাৰ কৰ্তব্য। আজিকালি বহুতে ধৰ্মীয় আৱেগৰ কথা নাভাবি মন্দিৰলৈ আহে। হাফ পেণ্ট, ছুটী হাতৰ কাপোৰ পৰিধান কৰি মন্দিৰত ঘূৰি ফুৰা দেখা যায়। যেন তেওঁলোকে সাগৰৰ পাৰত খোজ কাঢ়িছে। মন্দিৰ এটা দেৱস্থান, মনোৰঞ্জনৰ স্থান নহয়।”
মন্দিৰ কৰ্তৃপক্ষই সিদ্ধান্ত লৈছে যে আলোচনাৰ জৰিয়তে সাজ-পোছাক নিৰ্দিষ্ট কৰা হ’ব। মন্দিৰৰ গেট আৰু ভিতৰত থাকিব নিৰাপত্তাৰক্ষী। দৰ্শনাৰ্থীৰ কাপোৰৰ ওপৰত চকু ৰাখিব। আপত্তিজনক কাপোৰ পিন্ধা কোনো লোকক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। কৰ্তৃপক্ষই কাপোৰৰ সন্দৰ্ভতো এক সজাগতা অভিযান চলাব।
মন কৰিবলগীয়া যে যোৱা কেইমাহমানৰ ভিতৰত উত্তৰ আৰু দক্ষিণ ভাৰতৰ কেইবাটাও হিন্দু মন্দিৰত এনে সাজ-পোছাক নির্ধাৰণ কৰা হৈছে। সকলো ক্ষেত্ৰতে মন্দিৰৰ ধৰ্মীয় আৱেগ আৰু পবিত্ৰতা ৰক্ষাৰ বাবে চুটি পোছাক পৰিধান কৰাটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। পুৰী মন্দিৰতো সেই নিয়মসমূহে বলবৎ হোৱাৰ সম্ভৱনা আছে ৷