নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ নকৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিনে। শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে ক্ৰেমলিনে। অহা ৯ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব জি-২০ সন্মিলন। পুটিন কিয় অনুপস্থিত থাকিব সেই বিষয়ে ব্যাখ্যা কৰি ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে কয় যে সেই সময়ত জৰুৰী সামৰিক কাৰ্যকলাপৰ বাবে ৰাষ্ট্ৰপতি পুটিন জি-২০ সন্মিলনত শাৰীৰিকভাৱে উপস্থিত নাথাকিব।
কূটনৈতিক মহলৰ এটা অংশৰ মতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ব্যক্তিগতভাৱে উপস্থিত নহ’লেও ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জি-২০ সন্মিলনত ভাষণ দিব পাৰে। প্ৰসংগক্ৰমে এই সপ্তাহত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ (ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা) শীৰ্ষ সন্মিলনত পুটিন অনুপস্থিত আছিল। কিন্তু ইউক্ৰেইনত ‘সামৰিক সক্ৰিয়তা’ নহয়, যুদ্ধাপৰাধ, গণহত্যাৰ অভিযোগত জাৰি কৰা আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতৰ ৱাৰেণ্টৰ বাবে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ তেওঁ ব্ৰিকছত অনুপস্থিত আছিল।
২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পিছত পুটিনে পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ সীমা অতিক্ৰম কৰা নাই। যোৱা বছৰৰ নৱেম্বৰ মাহত ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনলৈ যোৱাৰ পৰিকল্পনাও বাতিল কৰিছিল। কেইমাহমান পূৰ্বে পুটিনে জি-২০ত যোগদান কৰাৰ সম্ভাৱনা সন্দৰ্ভত ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰীয়ে কয় যে এই সম্ভাৱনা নুই কৰিব নোৱাৰি। কিন্তু এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই।পুটিনে শেষবাৰৰ বাবে ২০১৯ চনত জাপানৰ ওছাকাত অনুষ্ঠিত জি-২০ সন্মিলনত অংশ লৈছিল।