ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ জীৱনক লৈ নানা কাহিনীয়ে চর্চা লাভ কৰি আহিছে ৷ এইবাৰ চর্চালৈ আহিছে পুটিনৰ প্ৰেমিকাৰ বহু গোপন কাহিনী ৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা ব্লাডিমিৰ পুটিনে নিজৰ “প্ৰেমিকা”ৰ বাবে গোপনে ৰাজপ্ৰসাদ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। ৰাছিয়াৰ এটা ব্যক্তিগত সংবাদ সংস্থাই প্ৰথমবাৰৰ বাবে এই বিশেষ ঘৰটোৰ ফটো ৰাজহুৱা কৰিছে।
২০০০ চনৰ মে’ মাহত পুটিনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। তাৰ পিছত তেওঁৰ বিবাহ হয় লুডমিলা পুটিনাৰ সৈতে। কিন্তু আলিনা কাবায়েভাৰ সৈতে তেওঁ সম্পৰ্ক ছেদ কৰা নাছিল। তেতিয়াৰ পৰাই পুটিনে অলিম্পিকৰ স্বৰ্ণ বিজয়ী প্ৰাক্তন ৰিদমিক জিমনাষ্ট আলিনাৰ বাবে এটা ৰাজপ্ৰসাদ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে ৷
মস্কোৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত্বত, ভালদাই অঞ্চলত, অৰণ্যৰ ভিতৰত এটা কাঠৰ ৰাজপ্ৰসাদ আছে। ৰাছিয়াৰ অভিজাত এলেকাত থকা ৰাজপ্ৰসাদটোক সুৰক্ষা দিবলৈ পুটিনৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে।
এই ৰাজপ্ৰসাদটো ৰাছিয়াৰ জাৰৰ ৰাজপ্ৰসাদৰ শৈলীত নিৰ্মাণ কৰা হৈছে। ২০১৩ চনত পুটিনে লুডমিলাৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল। পত্নীৰ সৈতে বিচ্চেদ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আলিনাক সেই ৰাজপ্ৰসাদলৈ লৈ যোৱা হৈছিল ৷
ৰিদমিক জিমনাষ্ট তাৰকা আলিনাই এবাৰ অলিম্পিকত ব্যক্তিগত ইভেণ্টত ২ টা সোণৰ পদক লাভ কৰিছিল। তাৰ লগত ১৪টা বিশ্ব চেম্পিয়নশ্বিপৰ পদক তেওঁ লাভ কৰিছিল । কিন্তু ২০০১ চনত তেওঁৰ বিৰুদ্ধে নিষিদ্ধ ড্ৰাগছ সেৱনৰ অভিযোগ উত্থাপন হৈছিল। ড’প টেষ্টত ধৰা পৰা আলিনাক ২ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ইয়াৰ পিছতো তেওঁৰ প্ৰতি সংবাদ মাধ্যমৰ কৌতুহল কমি যোৱা নাছিল। সৌজন্যত, পুটিনৰ সৈতে তেওঁৰ তথাকথিত সম্পৰ্কৰ বাবে তেওঁ চর্চিত হৈছিল ।
৩৯ বছৰীয়া আলিনা ৭০ বছৰীয়া পুটিনৰ কমেও ৩টা সন্তানৰ মাতৃ। যদিও দুয়োজনে এই বিষয়ত কোনো কথা ৰজহুৱা কৰা নাই কিন্তু ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছত পুটিনৰ ঘনিষ্ঠ হোৱাৰ বাবে ব্ৰিটেইন, কানাডা আৰু ইউৰোপীয় সংঘই আলিনাৰ বিৰুদ্ধেও নিষেধাজ্ঞা আৰোপ কৰিছিল ।
আলিনাৰ বাবে কাঠৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰাৰ পিছত ২০২০ চনত পুটিনে ভালদাই বনাঞ্চলত আন এটা ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল ই মূল ৰাজপ্ৰসাদৰ ওচৰতে। পিছৰ বছৰত পুটিনে ভালদাইৰ ৰাজপ্ৰসাদৰ ওচৰত আলিনাৰ বাবে অধিক নিৰ্মাণৰ কাম আৰম্ভ কৰে। তেওঁ ৰাজপ্ৰসাদৰ ওচৰতে নাও ৰখাৰ বাবে বন্দৰ নিৰ্মাণ কৰিছিল বুলি কোৱা হয়।
ৰাছিয়াৰ সংবাদ সংস্থাটোৰ মতে, পুটিনৰ প্ৰেমিকৰ বিশাল ৰাজপ্ৰসাদটোক আগুৰি আছে এটা সৰু খাল। ৰাজপ্ৰসাদৰ প্ৰৱেশ পথলৈ যাব বিচাৰিলে সেই খাল নাৱেৰে পাৰ হৈ যাব লাগিব ৷ ইয়াৰ পিছত ধ্ৰুপদী স্থাপত্যৰ শৈলীত নিৰ্মিত এক বিশাল ৰাজপ্ৰসাদ দেখা যায়। যিটো ইমান দিনে জনসাধাৰণৰ চকুৰ পৰা আঁতৰত আছিল।
ৰাজপ্ৰসাদত প্ৰৱেশ কৰাৰ আগতে ২৮ একৰ মাটিৰ বাগিচা এখনৰ মাজেৰে পাৰ হ’ব লাগে। পুটিন আৰু তেওঁৰ ‘প্ৰেমিকা’ৰ ৰাজপ্ৰসাদৰ পৰা অলপ দূৰৈত এটা বিশাল স্পা কমপ্লেক্স অৱস্থিত। ইয়াৰ সূৰ্য্যঘড়ী আছে। স্পা কমপ্লেক্সত ৮২ ফুটতকৈও অধিক উচ্চতাৰ হামাম আৰু ছাউনা গা ধোৱাৰ ব্যৱস্থাৰ সৈতে চুইমিং পুল আছে। । সৌন্দৰ্য্যৰ বাবে ইয়াত মালিচৰ সুবিধাও আছে।
২০২০ আৰু ২০১৯ চনৰ গ্ৰীষ্মকালত পুটিনে ‘প্ৰেমিকা’ৰ ৰাজপ্ৰসাদত কাৰ্টিং ট্ৰেকও নিৰ্মাণ কৰিছিল। ইয়াৰ পূৰ্বে হেলিপেডৰ ব্যৱস্থা আছিল। ৰাজপ্ৰসাদৰ সোঁফালে শিশু ক্ৰীড়াৰ বাবেও এখন বৃহৎ খেলপথাৰ আছে। পুটিনে নিজৰ প্ৰেমিকৰ ৰাজপ্ৰসাদলৈ যাবলৈ ব্যক্তিগত ৰেল ব্যৱহাৰ কৰিছিল। তাৰ বাবে এই ৰাজপ্ৰসাদৰ ওচৰত এটা গোপন ষ্টেচনো নিৰ্মাণ কৰা হৈছে। য’ত পহৰা দি আছে পুটিনৰ দেহৰক্ষীয়ে। লগতে গোপন ষ্টেচনটো চেটেলাইটৰ ছবিত ধৰা পৰিছে বুলিও দাবী কৰা হৈছে।
কেৱল যে পুটিনে নিজৰ ‘প্ৰেমিকা’ৰ বাবেই এই ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছে এনে নহয়। ৰাছিয়াৰ সংবাদ সংস্থাটোৰ মতে, তেওঁ আলিনাৰ বাবে ছোচিৰ ৰয়েল পাৰ্কৰ আৱাসিক এলেকাত এটা পেণ্টহাউছও নিৰ্মাণ কৰা হৈছিল ৷ প্ৰায় ২৮ হাজাৰ বৰ্গফুটৰ এই পেণ্টহাউছটোত চুইমিং পুল, চিনেমা হল, অতিথিসকলে বহিব পৰা পেটিঅ’ আৰু হেলিপেড আদিও আছে। এইটো ৰাছিয়াৰ আটাইতকৈ ডাঙৰ এপাৰ্টমেণ্ট।