ক’ভিডৰ সংক্ৰমন হ্ৰাস পোৱাৰ লগে লগে শিথিল কৰা হৈছে কেতবোৰ নির্দেশনা ৷ এইবাৰ কেন্দ্ৰীয় চৰকাৰে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ বাবে শিথিল কৰিছে বিভিন্ন নীতি-নির্দেশনা ৷ ইয়াৰ অংশ হিচাপে ৮২ খন দেশৰ সম্পূৰ্ণ টীকাকৰণ কৰা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলক ১৪ ফেব্ৰুৱাৰীৰ পৰা কোৱাৰেণ্টাইন মুক্ত প্ৰৱেশৰ অনুমতি দিয়া হৈছে ৷ অত্যাধিক সংক্ৰমিত হিচাপে চিহ্নিত কিছুসংখ্যক দেশৰ যাত্ৰীসকলৰ বাবে বাধ্যতামূলক পৰীক্ষাৰ প্ৰয়োজনীয়তাও প্ৰত্যাহাৰ কৰা হ’ব ৷ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাৱিয়াই বৃহস্পতিবাৰে টুইট যোগে এই কথা সদৰী কৰে ৷ ইয়াৰ পূর্বে অত্যাধিক সংক্ৰমিত হিচাপে চিহ্নিত দেশসমূহৰ যাত্ৰীসকলে ভাৰতত উপস্থিত হোৱাৰ পিছত সাত দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছিল ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কিছুসংখ্যক দেশৰ পৰা সম্পূৰ্ণৰূপে টিকাকৰণ কৰা যাত্ৰীসকলৰ বাবে কোৱাৰেণ্টাইনমুক্ত প্ৰৱেশ উক্ত দেশসমূহে গ্ৰহণ কৰা একে পদক্ষেপৰ আধাৰত কার্যকৰী কৰা হৈছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে ব্ৰিটেইন ,আমেৰিকা , কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ডকে ধৰি এনে ৮২ খন দেশ চিনাক্ত কৰিছে।ভাৰত ভ্ৰমণলৈ অহা যিকোনো যাত্ৰীয়ে ক’ভিড নিগেটিভ ৰিপ’র্ট অথবা সম্পূৰ্ণ টীকাকৰণ প্ৰমাণপত্ৰৰ সৈতে এখন স্ব-ঘোষণা প্ৰ পত্ৰ আপলোড কৰিব লাগিব। বিমান এখনৰ কেৱল ২ শতাংশ যাত্ৰীৰহে ক’ভিড পৰীক্ষা কৰা হ’ব। জলপথ অথবা স্থল পথৰ জৰিয়তে অহা যাত্ৰীসকলৰ বাবেও একে প্ৰট’কল কার্যকৰী হ’ব ৷