VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ব্ৰিটিছ ৰাজ অভিষেকৰ নিমন্ত্ৰণী পত্ৰত কি সালসলনি কৰিলে ৰাজপ্ৰসাদে ?

voicedesk by voicedesk
April 6, 2023
in মুখ্য সংবাদ
ব্ৰিটিছ ৰাজ অভিষেকৰ নিমন্ত্ৰণী পত্ৰত কি সালসলনি কৰিলে ৰাজপ্ৰসাদে ?
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটেইনত ৰজা তৃতীয় চাৰ্লছৰ ৰাজ অভিষেকৰ দিন চমু চাপি আহিছে। এই পৰ্যন্ত নিমন্ত্ৰণী পত্ৰ দুহেজাৰ অতিথিলৈ প্ৰেৰণ কৰা হৈছে ৷ কিন্তু এইবাৰ নিমন্ত্ৰণী পত্ৰত কৰা হৈছে এক বিশেষ পৰিৱর্তন ৷  কিছুদিন আগলৈকে ব্ৰিটিছ ৰাজপৰিয়ালৰ নিমন্ত্ৰণী পত্ৰত কেমিলাৰ নামৰ আগত ‘কুইন কনচৰ্ট’ বুলি লিখা আছিল।অর্থাৎ ৰাণীৰ অভিষেক ৷ ইয়াৰ বিপৰীতে ৬ মে’ৰ ৰাজ অভিষেক অনুষ্ঠানৰ নিমন্ত্ৰণ পত্ৰত কেমিলাৰ নামৰ আগত স্পষ্টভাৱে লিখা আছিল “ৰাণী” বুলি ৷ নিমন্ত্ৰণী পত্ৰত উল্লেখ কৰা হৈছে যে  ৰজা তৃতীয় চাৰ্লছ আৰু ৰাণী কেমিলাৰ পৰা আমন্ত্ৰণ। অৰ্থাৎ এই ৰাজ অভিষেক আচলতে কেমিলাৰ ৰাণী হিচাপে ৰাজ অভিষেকৰ অনুষ্ঠান। বিবাহৰ ১৮ বছৰৰ পাছত ৰাণী হিচাপে তেওঁ আন এক জীৱনৰ শুভাৰম্ভ কৰিব।

 

যেতিয়া চাৰ্লছ আৰু কেমিলাৰ বিয়া হৈছিল, তেতিয়া ৰাজকীয় পৰিয়ালে প্ৰশ্ন কৰিছিল যে তাইৰ উপাধি কি হ’ব। ভবা হৈছিল যে তেওঁক ‘প্ৰিন্সেছ কনচৰ্ট’ বুলি জনা যাব। কিন্তু দ্বিতীয় ৰাণী এলিজাবেথে পুত্ৰৰ পত্নীৰ বাবে ‘কুইন কনচৰ্ট’ উপাধি বাছি লৈছিল। চাৰ্লছৰ সিংহাসনত অধিষ্ঠিত হোৱাৰ পিছত অষ্টম এডৱাৰ্ডৰ পত্নী ৰাণী আলেকজেণ্ড্ৰা, পঞ্চম জৰ্জৰ পত্নী ৰাণী মেৰী আৰু জৰ্জ ষষ্ঠৰ পত্নী ৰাণী এলিজাবেথৰ সৈতে একেখন তালিকাতে কেমিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ’ব।

 

কিন্তু ৰাজপৰিয়ালৰ নাৰী শাসকসকলৰ স্বামীয়ে কেতিয়াও ‘ৰাজ’ উপাধি লাভ কৰাৰ সৌভাগ্য হোৱা নাই। ৰাণী ভিক্টোৰিয়াৰ স্বামীক আজীৱন ৰাজকুমাৰ এলবাৰ্ট উপাধি দিয়া হৈছিল। দ্বিতীয় ৰাণী এলিজাবেথৰ স্বামীক ৰাজকুমাৰ ফিলিপ বা এডিনবাৰ্গৰ ড্যুক নামেৰে জনা গৈছিল।

 

ৰাজপ্ৰসাদৰ সূত্ৰ অনুসৰি এই নিমন্ত্ৰণী পত্ৰখনৰ এটা নিৰ্দিষ্ট বিষয়বস্তু আছে। ইয়াত ব্ৰিটিছ লোককথা আৰু ‘সেউজ মানুহ’ৰ ছবি আছে। কেৱল সেয়াই নহয়, নিমন্ত্ৰণী পত্ৰখন সম্পূৰ্ণৰূপে পুনঃব্যৱহৃত কাগজেৰে তৈয়াৰ কৰা হৈছে। প্ৰসংগক্ৰমে ব্ৰিটেইনকে ধৰি ইউৰোপৰ লোককথাত ‘সেউজ মানুহ’ আচলতে বসন্ত আৰু উৰ্বৰতাৰ প্ৰতীক।

 

আত্মপ্ৰকাশৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব তৃতীয় ৰজা চাৰ্লছৰ নাতি, ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেটৰ প্ৰথম সন্তান ৰাজকুমাৰ জৰ্জে। ইতিমধ্যে  চাৰ্লছ আৰু কেমিলাৰ এখন ফটো মুকলি কৰিছে ৰাজপ্ৰসাদে। ইয়াৰ উপৰিও চাৰ্লছৰ ছবি থকা ডাক টিকট এটাও মুকলি কৰা হয়। অৱশ্যে দ্বিতীয় ৰাণী এলিজাবেথৰ ডাকটিকট শেষ নোহোৱালৈকে ইয়াক মুকলি কৰা নহ’ব। আমোদজনক কথাটো হ’ল চাৰ্লছৰ ডাক টিকটত মুকুট নাই।

Previous Post

এক কিলোগ্ৰাম জেলেপীৰ দাম ২০ হেজাৰ টকা, কোনে প্ৰস্তুত কৰিছে এই বিশেষ জেলেপী !

Next Post

ওচৰৰ পৰা চালে সূৰ্য্যটো কেনেকুৱা দেখি জানিবলৈ মন যায় নেকি ? দুই চিত্ৰশিল্পীয়ে আনিছে আশাৰ বতৰা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ওচৰৰ পৰা চালে সূৰ্য্যটো কেনেকুৱা দেখি জানিবলৈ মন যায় নেকি ? দুই চিত্ৰশিল্পীয়ে আনিছে আশাৰ বতৰা

ওচৰৰ পৰা চালে সূৰ্য্যটো কেনেকুৱা দেখি জানিবলৈ মন যায় নেকি ? দুই চিত্ৰশিল্পীয়ে আনিছে আশাৰ বতৰা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7