প্ৰতিবছৰে মেট্ৰিক বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত খেলিমেলি হোৱাটো প্ৰায় স্বাভাৱিক হৈ পৰিছে ৷ বিশেষকৈ প্ৰতিবাৰ পৰীক্ষাতে প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই পৰীক্ষার্থীসকলক চিন্তিত কৰি আহিছে ৷ এইবাৰো নহ’ল ব্যতিক্ৰম ৷
মঙলবাৰৰ পৰা আৰম্ভ হোৱা ৰাজ্যত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰথম দিনাই ফাদিল হ’ল প্ৰশ্নকাকত ৷ ইংৰাজী বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ পৰীক্ষাৰ আৰম্ভণিৰ দিনাই প্ৰশ্নকাকত বিয়পি পৰিল চছিয়েল মিডিয়াত ৷ পৰ্বতঝোৰাৰ বাশবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা আৰম্ভ হোৱাৰ ডেৰ ঘণ্টা পাৰ নৌহওঁতেই প্ৰশ্নকাকত ভাইৰেল হৈ পৰে। এই প্ৰশ্নকাকত ফাদিল ঘটনাৰ পাছত পৰ্বতঝোৰা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ৰমেন্দ্ৰ নাথ ৰয়ক নিলম্বন কৰা হৈছে।
উল্লেখ্য যে কোকৰাঝাৰৰ পৰ্বতঝোৰাৰ বাশবাৰী ছিনিয়ন ছেকেণ্ডাৰী পৰীক্ষা কেন্দ্ৰত পৰীক্ষা আৰম্ভ হোৱা কিছু সময়ৰ পাছতে প্ৰশ্নকাকত ভাইৰেল হৈ পৰে ৷ উচ্চতৰ মাধ্যমিকৰ ইংৰাজী বিষয়ৰ পৰীক্ষা আৰম্ভ হোৱাৰ ডেৰ ঘণ্টা পাছতেই বাহিৰৰ পৰা মোবাইল ফোনেৰে প্ৰশ্নৰ উত্তৰ যোগান ধৰা হৈছিল। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে ৰূপসী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাত আৰু কোন কোন জড়িত হৈ আছে সেই বিষয়ে আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব।
লক্ষণীয় যে এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা-বাণিজ্য-বিজ্ঞান আৰু বৃত্তিগত শাখাত মুঠ ২,৮০,২১৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে । ইয়াৰে ১,৩৭,৪৮৪ জন ছাত্ৰ আৰু ১,৪২,৭৩২ গৰাকী ছাত্ৰী ৷ অহা ১৩ মাৰ্চলৈ এই পৰীক্ষা অনুষ্ঠিত হ’ব অনুষ্ঠিত হ’ব। প্ৰথম ভাগত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দ্বিতীয় ভাগত দুপৰীয়া ১ বাজি ৩০ মিনিটৰ পৰা বিয়লি ৪ বাজি ৩০ বজালৈ পৰীক্ষা অনুষ্ঠিত হ’ব। চলিত বর্ষত কলা শাখাত ২,৬,৪৬৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ আনহাতে বিজ্ঞান শাখাত ৫৫,২৮৭ গৰাকী , বাণিজ্য শাখাত ১৭,৫৮২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। ইয়াৰোপৰি, বৃত্তিগত শাখাত ৮৮০গৰাকী পৰীক্ষাৰ্থী অৱৰ্তীণ হৈছে ৷