অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তামুলপুৰ আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত “বিষ্ণু ৰাভা দিৱস” পালন কৰা হয়। অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ কাৰ্যসূচী কলাগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ হয়। তামুলপুৰ জিলাৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীৰ অধ্যক্ষতাত অনুষ্ঠিত আজিৰ এই অনুষ্ঠানটিত শিল্পী-সাহিত্যিক, সংগীতজ্ঞ, নৃত্যবিদ, বিপ্লৱী তথা মুক্তিযুঁজাৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন-আদৰ্শ আৰু তেখেতৰ কৰ্মৰাজি সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়।
নিজৰ ভাষণ প্ৰসংগত আয়ুক্তগৰাকীয়ে উল্লেখ কৰে— “অসমীয়া জাতি আজি ভাগ ভাগ হৈ গৈছে। এনে এটা সময়ত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যিসকল মনীষীয়ে উদ্যোগ গ্ৰহণ কৰিছিল, তেওঁলোকৰ ভিতৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান অনস্বীকাৰ্য।” আজিৰ অনুষ্ঠানৰ বিশিষ্ট অতিথি পাৰিষদদ্বয় হেমন্ত কুমাৰ ৰাভা আৰু বিজিত গৌৰা নাৰ্জাৰীয়েও কলাগুৰুৰ জীৱন আৰু আদৰ্শ সম্পৰ্কে সাৰগৰ্ভ ভাষণ আগবঢ়ায়।
আজিৰ অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা, সাহিত্য অকাডেমিৰ যুৱ বঁটা বিজয়ী, কবি দ্বিজেন কুমাৰ দাসে কলাগুৰুৰ যাযাবৰী জীৱন আৰু কৰ্মৰ ওপৰত বিস্তৃত আলোকপাত কৰে। কলাগুৰুৰ আধৰুৱা কৰ্মৰাজি সম্পৰ্কতো তেওঁ গভীৰ ব্যাখ্যা আগবঢ়ায়। ভাষণ প্ৰদান অনুষ্ঠানৰ পাছত ৰাভা সংগীত পৰিৱেশন কৰে কেবাগৰাকী শিল্পীয়ে। তেওঁলোক হৈছে— বিচিত্ৰা পাটৰ ৰাভা, মৃগনয়না কলিতা, বৰষা কাকতি, দাওহাৰু বসুমতাৰী, সবিতা দাস, ধৃতিষ্মান ডেকা, শিখা দাস, কৰ্ণজিৎ কাকতি, ৰিছা দাস, অনন্ত শীল আৰু নিৰ্মালী ৰাজবংশীয়ে।
সংগীত সংগত কৰে শ্যামল দাস, মলেন ৰাভা আৰু সুৰণজিৎ বড়োৱে। আজিৰ এই অনুষ্ঠানত তামুলপুৰ জিলাৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, পাৰিষদদ্বয় হেমন্ত কুমাৰ ৰাভা আৰু বিজিত গৌৰা নাৰ্জাৰী, কবি দ্বিজেন কুমাৰ দাসৰ উপৰি অতিৰিক্ত আয়ুক্তদ্বয় ডঃ দীপাংকৰ নাথ আৰু হেমাশ্ৰী খনিকৰ, সহকাৰী আয়ুক্তদ্বয় হিতেশ বড়ো আৰু কবিতা ফাংছ’ৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু একাংশ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। উল্লেখযোগ্য যে সাংস্কৃতিক চহৰ তেজপুৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা ৰাভা দিৱসৰ কাৰ্যসূচীৰ লাইভ কাৰ্যসূচীও অনুষ্ঠানটিৰ শেষৰফালে প্ৰদৰ্শন কৰা হয়।