অসমৰ কাব্য সাহিত্য জগতৰ উজ্জ্বল নক্ষত্ৰ ৰবীন্দ্ৰ সৰকাৰৰ যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটে ৷ কলকাতাৰ এখন নার্ছিংহোমত তেওঁৰ বিয়োগ ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ ৷
তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ এক শোকবার্তাত তেওঁ কয় –“ ২০১৩ বৰ্ষৰ সাহিত্য অকাডেমি বঁটাৰে সন্মানিত সৰকাৰে তেখেতৰ কৰ্মৰাজিৰ দ্বাৰা কাব্য সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।“
২০১৩ চনত কবিতা সংকলন “ধূলিয়ৰী ভৰিৰ সাঁচ” বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ৰবীন্দ্ৰ সৰকাৰে ৷ ৰবীন্দ্ৰ সৰকাৰে ভাৰতীয় জীৱন বীমা সংস্থাৰ গুৱাহাটী সংমণ্ডলত কর্মৰত আছিল ৷ ১৯৯৭ চনত তেওঁ কলকাতালৈ গুচি যায় আৰু তাতেই স্থায়ীভাৱে বসতি স্থাপন কৰে। ২০০০ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে ৷