চুবুৰীয়া ৰাষ্ট্ৰৰ যিকোনো প্ৰত্যাহ্বান প্ৰতিৰোধ কৰিবলৈ প্ৰতিৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে ৷ ইয়াৰ অংশ হিচাপে নৌ সেনা,বায়ু সেনা আৰু স্থল সেনাত সময়ে সময়ে সংযোজিত কৰা হৈছে অত্যাধুনিক অস্ত্ৰ –শস্ত্ৰ ৷ অহা ডিচেম্বৰ আৰু জানুৱাৰী মাহতে ভাৰতে পুনৰ লাভ কৰিব আন ৬ খন অত্যাধুনিক ৰাফেল ফাইটাৰ জেট ৷ ভাৰতৰ প্ৰয়োজন অনুসৰি এই ৰাফেল জেট সমুহত সংযোজিত কৰা হৈছে কেইবাটাও অত্যাধুনিক প্ৰযুক্তি ৷ আকাশতে মিছাইল ধংস কৰিব পৰা ক্ষমতা আছে ৰাফেল জেটসমুহৰ ৷
ভাৰতীয় বায়ুসেনাৰ বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি ফ্ৰান্সৰ ইচট্ৰেছ লে টিউব বিমান কোঠৰ পৰা প্ৰথম তিনিখন ৰাফেল ফাইটাৰ আহি আম্বালা সামৰিক ঘাটিত অবতৰন কৰিব ৷ আন তিনিখন ৰাফেল ফাইটাৰ জেট আহি জানুৱাৰীত ভাৰত পাবহি ৷ ইয়াৰ লগে লগে ভাৰতে ফ্ৰান্সৰ পৰা লাভ কৰা ৰাফেল জেটৰ সংখ্যা ৩৬ খনলৈ বৃদ্ধি পাব ৷ ৰাফেল জেটৰ উপৰি ভাৰতে ৰাছিয়াৰ পৰা লাভ কৰিব এছ ৪০০ প্ৰতিৰক্ষা ব্যৱস্থা ৷ চীন সীমান্তত এই নতুন প্ৰতিৰক্ষা ব্যৱস্থা স্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ চীনৰ আগ্ৰাসন ৰোধ কৰাৰ বাবে এই নতুন ব্যৱস্থা স্থাপন কৰা হ’ব ৷