ভাৰতীয় ক্ৰিকেট টীমৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব ল’বলৈ সাজু হৈছে প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড় ৷ এটাৰ পাছত আন এটা অভিলেখেৰে ভাৰতীয় ক্ৰিকেটক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে অসংখ্য অনুৰাগীক মুগ্ধ কৰা দ্ৰবিড়ে ভাৰতীয় ক্ৰিকেট টীমৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে ৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা অনুসৰি বি চি চি আই আৰু দ্ৰাবিড়ৰ মাজত বৃহস্পতিবাৰে ডুবাইত অনুস্থিত এখন বৈঠকত প্ৰাক্তন অধিনায়কজনে সন্মতি প্ৰকাশ কৰিছে ৷ বি চি চি আইৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি শীঘ্ৰে তেওঁলোকে ভাৰতীয় ক্ৰিকেট টীমৰ মুখ্য প্ৰশিক্ষকৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব ৷
উল্লেখ্য যে ৰাহুল দ্ৰাবিড়ক ভাৰতীয় ক্ৰিকেট টীমৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব অর্পণ কৰিবলৈ বি চি চি আইয়ে পূর্বৰে পৰা আগ্ৰহ প্ৰকাশ কৰি আহিছে ৷ ২০১৬ চনত অনিল কুম্বলে আৰু ২০১৭ চনত ৰবি শাস্ত্ৰী পুনৰ উভতি অহাৰ পূর্বে বি চি চি আইয়ে ৰাহুল দ্ৰাবিড়ক প্ৰশিক্ষক হিচাপে দায়িত্ব প্ৰদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল ৷ কিন্তূ প্ৰতিবাৰে প্ৰাক্তন অধিনায়কজনে অতি নম্ৰতাৰে এই প্ৰস্তাৱ নাকচ কৰি আহিছে আৰু ভাৰতৰ এ টীম তথা ১৯ বছৰ অনুর্ধৰ টীমৰ লগতে বাংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীৰ সৈতে কাম কৰি আহিছে৷ অৱশ্যে ভাৰতীয় ক্ৰিকেট টীমৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত নাথাকিলেও সকলো ক্ষেত্ৰতে বি চি চি আইয়ে দ্ৰাবিড়ৰ পৰামর্শ গ্ৰহণ কৰি আহিছে ৷