দীঘলীয়া সময়ধৰি ভাৰত জোৰো যাত্ৰাৰ পাছত অৱসৰ বিনোদনৰ বাবে কাশ্মীৰত সময় কটাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ শীতকাল শেষ হোৱাৰ পূৰ্বে উত্তৰ কাশ্মীৰৰ গুলমাৰ্গত সতেজ বৰফ পৰিছে। এই বৰফত আনন্দৰে দিন পাৰ কৰিছে গান্ধীয়ে ৷ এটা ভিডিঅ’টোত ৰাহুল গান্ধীক বৰফত স্কেটিং কৰি থকা দেখা গৈছে ৷ এজন প্ৰশিক্ষকে বহু দূৰত থিয় হৈ তেওঁক প্ৰয়োজনীয় নিৰ্দেশনা দি আছে। ৰাহুলে নিজৰ ব্যক্তিগত ভ্ৰমণ সংবাদ মাধ্যমৰ পৰা গোপন কৰি ৰাখিছিল। আনকি কাশ্মীৰৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে তেওঁক এই সন্দৰ্ভত সুধিলেও কোনো উত্তৰ প্ৰদান নকৰিলে ৷ কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ মতে এয়া ৰাহুলৰ ব্যক্তিগত ভ্ৰমণ। ৰাজনীতিৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। উপত্যকাত ব্যক্তিগত অনুষ্ঠানতো অংশগ্ৰহণ কৰিব পাৰে ৰাহুলে। যোৱা ৩০ জানুৱাৰীত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ৩৭৯০ কিলোমিটাৰ অতিক্ৰম কৰি কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰাৰ অন্ত পৰিল। প্ৰচণ্ড তুষাৰপাতৰ মাজতে ৰাহুলে সামৰণি ভাষণ প্ৰদান কৰিলে । এমাহৰ ভিতৰতে ৰাহুল পুনৰ কাশ্মীৰলৈ ওভতি আহিছে ৷