ক্ৰমাৎ তীব্ৰতৰ হৈছে সুকীয়া কমতাপুৰ ৰাজ্যৰ দাবী ৷ ‘কামতাপুৰ পিপলছ পাৰ্টি’ চমুকৈ কেপিপিয়ে সুকীয়া ৰাজ্যৰ দাবীত পুনৰ সমগ্ৰ উত্তৰ বংগত ‘ৰেল ৰোকো’ কাৰ্যসূচী আৰম্ভ কৰিছে। মঙলবাৰে কেপিপিৰ ৰেলপথ অৱৰোধৰ ফলত বন্ধ হৈ পৰিল কাঞ্চনজংঘা এক্সপ্ৰেছ। মালবাহী গাড়ীও আৱদ্ধ হৈ পৰে। উত্তৰ বংগৰ কেইবাটাও ষ্টেচনত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, কেপিপিৰ আন্দোলনৰ বাবে মঙলবাৰে আলটাগ্ৰাম ষ্টেচনত আবদ্ধ হৈ পৰে মালবাহী ট্ৰেইনখন। পুৱাৰে পৰা জলপাইগুৰিৰ মাইনাগুৰি ষ্টেচনত ‘ৰেল ৰোকো’ কাৰ্যসূচীৰে সমবেত হয় আন্দোলনকাৰী। কাঞ্চনজংঘা এক্সপ্ৰেছ ৰৈ থকাৰ সময়ত প্ৰতিবাদকাৰীসকলে ৰেল লাইনত অৱস্থান কৰে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিটো ষ্টেচনত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।
কেপিপিৰ প্ৰতিবাদৰ বাবেই বিভিন্ন ষ্টেচনত যাত্ৰীবাহী ৰেল আৰু মালবাহী ৰেল বন্ধ কৰি দিয়া হয়। পুৱাৰে পৰা ৰে’লৰ চলাচল ব্যাহত হোৱাৰ বাবে যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে। ষ্টেচনলৈ অহাৰ পিছতো বহু লোকে যাত্ৰাৰ বাবে ৰৈ থাকিব লগীয়া হৈছে ৷ বহু লোক বাছেৰে গন্তব্য স্থানলৈ গৈ আছে।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কেপিপিয়ে ইয়াৰ পূৰ্বেও উত্তৰ বংগৰ বাবে পৃথক ৰাজ্য ঘোষণাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচন। ইয়াৰ লগে লগে কেপিপিয়ে পুনৰ আন্দোলনৰ তীব্ৰ কৰি তুলিছে ৷