আপুনি ৰে’লেৰে ভ্ৰমণ কৰে নেকি ? তেতিয়া হ’লে আপোনাৰ বাবে আছে এক সুখবৰ ৷ সকলো ৰে’লত পুনৰ আৰম্ভ হ’ব কেটাৰিং সেৱা ৷ ক’ভিড সংক্ৰমন হ্ৰাস পোৱাৰ বাবে ৰে’লসেৱাত পুনৰ কেটাৰিং আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অহা ১৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা হ’ব কেটাৰিং সেৱা ৷ অর্থাৎ এতিয়াৰ পৰা ৰে’লত উপলব্ধ হ’ব খাদ্য ৷অৱশ্যে আইআৰচিটিচি কৰ্মচাৰীসকলে ক’ভিড প্ৰট’কল মানি চলিব লাগিব ৷ এই সিদ্ধান্তই দীঘলীয়া ভ্ৰমণকাৰীসকলক সকাহ প্ৰদান কৰিব ৷ এই সিদ্ধান্তৰ বাবে যাত্ৰীসকলে যাত্ৰাৰ সময়ত সতেজ আহাৰ লাভ কৰিবলৈ সক্ষম হ’ব ৷
উল্লেখ্য যে মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ৰে’লৱেত কেটাৰিং সেৱা বন্ধ কৰি দিয়া হৈছিল ৷ ২০২০ চনৰ মাৰ্চৰ পৰা বন্ধ হৈ আছিল কেটাৰিং সেৱা ৷ অৱশ্যে পর্যায়ক্ৰমে এই সেৱা আৰম্ভ কৰি আহিছে ৰে’ল মন্ত্ৰালয়ে ৷ যোৱা ডিচেম্বৰত ৰাজধানী, শতাব্দী আৰু দূৰন্তৰ দৰে ৰে’লত আৰম্ভ কৰা হৈছিল কেটাৰিং সেৱা ৷