ক’ভিডৰ সময়ছোৱাত প্ৰায় বিশ মাহ ধৰি স্তব্ধ হৈ থকা ৰে’লসেৱা পুনৰ আগৰ দৰেই আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰে’ল বিভাগে৷
ৰে’ল মন্ত্ৰালয়ে সিদ্ধান্ত লৈছে যে বৰ্তমান এমএছপিচি (মেইল/এক্সপ্ৰেছ স্পেচিয়েল আৰু এইচএছপি (হলিডে স্পেচিয়েল) ৰে’ল সেৱা হিচাপে চলি থকা সকলো নিয়মীয়া ৰে’ল নিয়মিত ভাড়া আৰু শ্ৰেণীবিভাজনৰ সৈতে পৰিচালনা কৰা হ’ব ৷
মহামাৰীৰ বাবে ৰে’লৱেই যোৱা বছৰ মাৰ্চত যাত্ৰী সেৱা বন্ধ কৰি দিছিল আৰু ক্ৰমান্বয়ে ২০২০ চনৰ মে’ মাহৰ পৰা পৰ্যায়ক্ৰমে সেৱা পুনৰ আৰম্ভ কৰিছিল। অৱশ্যে, পুনৰ আৰম্ভ কৰা বেছিভাগ ৰে’ল ‘বিশেষ ৰেল’ হিচাপে চলি আছিল যাৰ বাবে টিকটৰ মূল্য নিয়মীয়া ৰেলতকৈ অধিক আছিল৷ আনকি জ্যেষ্ঠ নাগৰিকৰ বাবে ৰেহাই অবিহনেই চলিছিল এই ৰে’ল যাত্ৰা ৷এই ৰে’ল নম্বৰৰ সংখ্যা ‘০’ৰে আৰম্ভ হৈছিল।
২০২০ চনৰ মাৰ্চ/এপ্ৰিল মাহত লকডাউন হোৱাৰ পিছত, ৰে’ল মন্ত্ৰালয়ে সমগ্ৰ দেশতে আৱদ্ধ হৈ থকা যাত্ৰীসকলৰ চলাচলৰ সুবিধাৰ বাবে বিশেষ ৰে’ল চলাচলৰ কথা ঘোষণা কৰে ৷আনহাতে মহামাৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰী সকলৰ বাবে দিয়া লিনেন, গাৰু, কেটাৰিং সেৱা আদিৰ দৰে সুবিধাও প্ৰত্যাহাৰ কৰ ৷
পৰিৱৰ্তনবোৰ প্ৰতিফলিত কৰিবলৈ চেণ্টাৰ ফৰ ৰে’লৱে ইনফৰ্মেচন চিষ্টেম (চিআৰআইএছ)ক ছফ্টৱেৰত প্ৰয়োজনীয় পৰিৱৰ্তন কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰিও, প্ৰতিটো আঞ্চলিক ৰে’লৱেক সকলো সংশ্লিষ্ট কৰ্মচাৰীৰ বাবে বিৱৰণ বোৰ আগতীয়াকৈ উপলব্ধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰা আৰু ডাটাবেছত প্ৰয়োজনীয় পৰিৱৰ্তন কৰা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।