VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মহিলাৰ বাবে বিবাহৰ বয়সৰ উর্ধসীমা বৃদ্ধিঃআইন, কাৰণ আৰু সমালোচনা

voicedesk by voicedesk
December 16, 2021
in মুখ্য সংবাদ
মহিলাৰ বাবে বিবাহৰ বয়সৰ উর্ধসীমা বৃদ্ধিঃআইন, কাৰণ আৰু সমালোচনা
0
SHARES
78
VIEWS
Share on FacebookShare on Twitter

যোৱা ১৫ ডিচেম্বৰত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত মহিলাৰ বিবাহৰ  আইনী বয়সৰ উর্ধসীমা ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷  পুৰুষৰ বিবাহৰ  বয়সৰ আইনী  উর্ধসীমা ২১ বছৰ ৷ অর্থাৎ বুধবাৰে কেন্দ্ৰীয় কেবিনেটে লোৱা সিদ্ধান্তৰ পাছত পুৰুষ আৰু মহিলাৰ বিবাহৰ বয়সৰ আইনী উর্ধসীমা এতিয়াৰ পৰা একেই হ’ব ৷

বিবাহৰ বাবে কিয় থাকে বয়সৰ ন্যূনতম সীমাঃ

সমাজৰ পৰা বাল্যবিবাহৰ দৰে ব্যাধি প্ৰতিৰোধ কৰাৰ লগতে শিশু নির্যাতন প্ৰতিৰোধৰ বাবে বিবাহৰ ন্যূনতম বয়স আইনীভাবে নির্ধাৰণ  কৰা হৈছে ৷ অৱশ্যে বিভিন্ন ধর্মৰ ব্যক্তিগত আইনত বিবাহৰ ক্ষেত্ৰত সুকীয়া নিয়ম কানুন থকা পৰিলক্ষিত হয় ৷ হিন্দু বিবাহ আইন,১৯৫৫  অনুসৰি কইনাৰ  ন্যূনতম বয়স ১৮ বছৰ আৰু দৰাৰ ন্যূনতম বয়স ২১ বছৰ নির্ধাৰন কৰা হৈছে ৷ আনহাতে, ইছলাম ধর্মত যৌৱনপ্ৰাপ্ত হোৱাৰ পাছত নাবালকৰ বিবাহ বৈধ বুলি গণ্য কৰা হয় ৷

বিশেষ বিবাহ আইন,১৯৫৪ আৰু বাল্যবিবাহ প্ৰতিৰোধ আইন,২০০৬ৰ অধীনতো পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত বিবাহৰ ন্যূনতম বয়স ক্ৰমে ২১ বছৰ আৰু ১৮ বছৰ নির্ধাৰণ কৰা হৈছে ৷ মহিলাৰ বিয়াৰ নতুন বয়সৰ উর্ধসীমা বলবৎ কৰাৰ লগে লগে এই আইনসমুহ সশোধন কৰাৰ সম্ভাৱনা আছে  ৷

.

বিবাহৰ বয়স পুনৰ বিবেচনাৰ সিদ্ধান্ত চৰকাৰে  কিয় গ্ৰহণ কৰিলে ?

নৰেন্দ্ৰ মোদী চৰকাৰে মহিলাৰ বয়সৰ আইনী উর্ধসীমা বৃদ্ধি কৰিবলৈ কেইবাটাও কাৰণত সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰে অন্যতম কাৰণ হৈছে লিংগ বৈষম্য ৷ কম বয়সতে বিবাহত বহাৰ পাছত মহিলাসকল কম বয়সতে গর্ভধাৰণ কৰে ৷ যাৰ প্ৰভাৱ মাতৃ অৰু শিশুৰ মানসিক আৰু দৈহিক স্বাস্থ্যৰ ওপৰত পৰা পৰিলক্ষিত হয় ৷ তদুপৰি কম বয়সতে হোৱা বিবাহৰ বাবে বৃদ্ধি পাই আহিছে প্ৰসূতি আৰু নৱজাতকৰ মৃ্ত্যুৰ হাৰ ৷ কমবয়সতে বিয়াত বহাৰ পাছত মহিলাসকলৰ শিক্ষা আৰু জীৱিকাৰ পথ গ্ৰহনতো প্ৰভাৱ পৰে ৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা অনুসৰি ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পাইছে বাল্যবিবাহ ৷ ২০১৫-২০১৬ চনৰ ২৭শতাংশৰ পৰা ২০১৯-২০২০চনত ২৩ শতাংশলৈ হ্ৰাস পাইছে  বাল্যবিবাহ ৷ এই হাৰ আৰু হ্ৰাস কৰিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

 

 

জয়া জেটলী কমিটীঃ

বিবাহৰ বয়স আৰু প্ৰসূতিৰ ম্ত্যুৰ হাৰ, নৱজাতকৰ মৃত্যুৰ হাৰ, সামাজিক সূচাংক,ৰক্তহীনতা আদিৰ সম্পর্ক পৰীক্ষা কৰাৰ বাবে ২০২০ চনত মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে এটা টাক্স ফর্চ গঠন কৰিছিল ৷ সমতা দলৰ প্ৰাক্তন অধ্যক্ষ জয়া জেটলীয়ে এই কমিটীখনৰ নেতৃত্ব দিছিল ৷  নি্টি আয়োগৰ সদস্য (স্বাস্থ্য) ডঃ ভি কে পল আৰু কেইবাটাও মন্ত্ৰালয়ৰৰ সচিবক এই কমিটীৰ সদস্য হিচাপে ৰখা হৈছিল ৷ মহিলাৰ বিবাহৰ আইনী বয়সৰ উর্ধসীমা বৃদ্ধিৰ কেইবাটাও দিশ এই কমিটীখনে বিবেচনা কৰে ৷ বয়ৰ উর্ধসীমাৰ লগতে মহিলাৰ শিক্ষাৰ বিষয়টো কমিটীখনে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে ৷ ইয়াৰ বাবে প্ৰয়োজনীয় আইনী সংশোধন আৰু নতুন নিয়ম বলবতকৰণৰ সময়ক লৈয়ো কমিটীখনে কেতবোৰ পৰামর্শ আগবঢ়াইছে ৷

কমিটীখনে কি কি পৰামর্শ আগবঢ়াইছে?

দেশৰ ১৬ খন বিশ্ববিদ্যালয়ৰ শিক্ষার্থীৰ পৰা লাভ কৰা মতামতৰ ভিত্তিত কমিটীখনে মহিলাৰ বিবাহৰ আইনী বয়সৰ উর্ধসীমা ২১ বছৰলৈ বৃদ্ধিৰ পৰামর্শ দিয়ে ৷  তদুপৰি গাঁৱে-ভুঞে,চহৰে নগৰে আৰু পিছপৰা শ্ৰেণীসমুহৰ মতামত গ্ৰহনৰ বাবে ১৫টাতকৈয়ো অধিক এন জি অ’ক নিয়োজিত কৰা হৈছিল ৷  গ্ৰাম্য আৰু চহৰ অঞ্চলৰ লগতে সকলো ধর্মৰ যুৱ প্ৰজন্মৰ পৰা সমানে মতামত গ্ৰহন কৰা হৈছে বুলি প্ৰকাশ কৰিছে কমিটীখনে ৷ আনহাতে ,এই কমিটীখনে  মহিলাৰ বাবে বিদ্যালয় আৰু কলেজত নামভর্ত্তিৰ হাৰ বৃদ্ধি কৰাতো গুৰুত্ব আৰোপ কৰিবলৈ পৰামর্শ প্ৰদান কৰিছে ৷ ভিতৰুৱা অঞ্চলৰ পৰা শিক্ষানুষ্ঠানসমূহলৈ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ পদক্ষেপৰ কথাও উল্লেখ কৰা হৈছে প্ৰতিবেদনত ৷  বিদ্যালয়ত যৌন শিক্ষাৰ লগতে দক্ষতা আৰু বাণিজ্য  শিক্ষাৰো পোষকতা কৰিছে কমিটীখনে ৷ কমিটীখনে এই পৰামর্শসমূহ অগ্ৰাধিকাৰ ভিত্তিত ৰূপায়ন কৰিবলৈ আহ্বান জনাইছে ৷ তেওঁলোকে মতপোষণ কৰিছে যে যেতিয়ালৈই নাৰী সৱলীকৰন নহ’ব তেতিয়ালৈ আইনসমূহ কার্যকৰী নহ’ব ৷  তদুপৰি মহিলাৰ বিবাহৰ বয়সৰ আইনী উর্ধসীমা বৃদ্ধিৰ প্ৰসংগত ব্যাপক সজাগতা সৃষ্টি কৰিবলৈয়ো কমিটীখনে পৰামর্শ প্ৰদান কৰিছে ৷

সমালোচকসকলে কি কয় ?

শিশু আৰু মহিলা অধিকাৰ কর্মী তথা জনসংখ্যা আৰু পৰিয়াল পৰিকল্পনা বিশেষজ্ঞসকলে মহিলাৰ বিবাহৰ বয়সৰ উর্ধসীমা বৃদ্ধিৰ পক্ষত মত দিয়া নাই ৷ এইলোকসকলে আশংকা প্ৰকাশ কৰিছে যে এনে এক আইনে  দেশৰ এক বৃহৎসংখ্যক লোকক অবৈধ বিবাহ অনুষ্ঠিত কৰাৰ ফালে ঠেলি দিব ৷ বয়সৰ অইনী উর্ধসীমা ১৮ বছৰ হৈ থকা সত্বেও ভাৰতত বাল্যবিবাহ অব্যাহত আছে বুলি ব্যক্ত কৰিছে শিশু আৰু মহিলা অধিকাৰ কর্মীসকলে ৷ আইন বলবৎ হৈ থকাৰ বাবে বাল্যবিবাহ হ্ৰাস পোৱা নাই , বৰঞ্চ ছোৱালীৰ শিক্ষা   আৰু নিয়োগৰ হাৰ  বৃদ্ধি পোৱাৰ বাবেহে বাল্যবিবাহ হ্ৰাস পাইছে বুলিও তেওঁলোকে মতপোষণ কৰিছে  ৷ এনে আইনে পিছপৰা সম্প্ৰদায়সমুহৰ মাজত নেতিবাচক প্ৰভাৱ পেলাব বুলি উল্লেখ কৰি তেওঁলোকে কয় যে বিশেষকৈ অনুসুচীত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলক আইন ভংগকাৰীলৈ পৰিণত কৰিব ৷

Previous Post

বিশ্বৰ পুৰণি সপ্ত আশ্চৰ্য

Next Post

ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত পশ্চিম বংগৰ দুৰ্গোৎসৱ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত  পশ্চিম বংগৰ দুৰ্গোৎসৱ

ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত পশ্চিম বংগৰ দুৰ্গোৎসৱ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7