ৰাজভৱনত আজি উন্মোচন কৰা হয় দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি প্ৰয়াত ৰাজেন্দ্ৰ প্ৰসাদৰ প্ৰতিমূর্ত্তি ৷ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই উন্মোচন কৰে এই প্ৰতিমূর্ত্তি ৷ এই উপলক্ষে ৰাজভৱনত আয়োজন কৰা এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যপাল মুখীয়ে প্ৰয়াত ৰাষ্ট্ৰপতি গৰাকীৰ জীৱন সম্পর্কে বিশদভাবে বর্ণনা কৰে ৷ সাধাৰনভাবে জীৱন যাপন কৰা সত্বেও প্ৰয়াত প্ৰসাদ এগৰাকী অসাধাৰন ব্যক্তিত্বৰ অধিকাৰী আছিল বুলিও ৰাজ্যপাল গৰাকীয়ে প্ৰকাশ কৰে ৷ আনহাতে, অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ শর্মাই স্বাধীনতা সংগ্ৰামৰ সময়ত আগবঢ়োৱা প্ৰয়াত ৰাষ্ট্ৰপতি গৰাকীৰ অৱদান সোঁৱৰে ৷ আজিৰ অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে প্ৰয়াত ৰাষ্ট্ৰপতি গৰাকীৰ নাতিনী তাৰা সিন্হা ৷ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পায় অত্যন্ত আনন্দিত বুলি প্ৰকাশ কৰি তেওঁ প্ৰয়াত ৰাষ্ট্ৰপতি গৰাকীৰ স্মৃতি স্থায়ী কৰি ৰাখিবলৈ ৰাজভৱনে লোৱা এই পদক্ষেপৰ শলাগ লয় ৷ ৰাষ্ট্ৰ নির্মানত অনবদ্য অৱদান আগবঢ়োৱা সত্বেও প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতি প্ৰকৃত সণ্মান প্ৰদর্শন কৰা হৈছে নে বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় ‘ প্ৰয়াত ৰাষ্ট্ৰপতি গৰাকীৰ জন্ম দিৱসটো ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰিবলৈ বহু দল সংগঠনে দাবী উত্থাপন কৰি আহিছে ৷ কিন্তু আজিপর্যন্ত এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ইয়াৰ মাজতে অসমৰ ৰাজভৱনত প্ৰসাদৰ প্ৰতিমূর্ত্তি উন্মোচনৰ বাতৰিয়ে মোক অতিশয় আনন্দিত কৰিছে ৷’