সুৰাপান কৰি গাড়ী চলাই ৮ জনকৈ শ্ৰমিক মহতিয়াই আদালতৰ পৰা জামিন লাভ কৰা ৰাজকন্যা বৰুৱাক আজি দিছপুৰ আৰক্ষীয়ে GNRC হস্পিতালৰ পৰা পুনৰ আটক কৰে।
কালি দিছপুৰ আৰক্ষীয়ে থানাত উপস্থিত হ’বলৈ চমন জাৰি কৰিছিল কিন্তু ৰাজকন্যা বৰুৱাই অসুস্থতাৰ অজুহাতত ১৪ দিনৰ সময় বিচাৰিছিল। GNRC হস্পিতালত ভৰ্তি হৈ থকা ৰাজকন্যাক বৰুৱাৰ স্বাস্থ্য পৰীক্ষাৰ বাবে মেডিকেল বৰ্ডৰ ৬ জনীয়া দল এটা হস্পিতাললৈ ৰাওনা হয়। পৰীক্ষাৰ অন্তত ৰাজকন্যা বৰুৱা সম্পূৰ্ণ সুস্থ বুলি ঘোষণা কৰে।
মেডিকেল বৰ্ডৰ প্ৰতিবেদনৰ ভিত্তি ৰাজকন্যা বৰুৱাক আজি GNRC ৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে হস্পিতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে।