চি ডি এচ বিপিন ৰাৱাটসহ ১৩ জন লোক নিহত হোৱা ভয়াৱহ হেলিকপ্টাৰ দূর্ঘটনাৰ তদন্তৰ ফলাফল আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক অৱগত কৰা হয় ৷ তদন্তকাৰী দলটোৱে তামিলনাডুৰ কুন্নুৰৰ ওচৰত ৰাছিয়ান এমআই-১৭ভি ৫ হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্ত সম্পূৰ্ণ কৰিছে ৷ অৱশ্যে এই সন্দর্ভত কোনোধৰণৰ আনুষ্ঠানিক মন্তব্য চৰকাৰৰ ফালৰ প্ৰকাশ কৰা হোৱা নাই ৷ এই দুৰ্ঘটনাটোৰ তদন্তৰ নেতৃত্ব দিছিল ভাৰতীয় বায়ু সেনাৰ (আইএএফ) এয়াৰ মাৰ্শ্বেল মানবেন্দ্ৰ সিঙে। ভাৰতীয় নৌসেনাৰ এজন জ্যেষ্ঠ হেলিকপ্টাৰ পাইলট আৰু এজন সেনা বিষয়াও তদন্তকাৰী দলটোৰ অংশ আছিল। বেংগালুৰু আইএএফৰ প্ৰশিক্ষণ কামাণ্ডৰ মুৰব্বী সিঙক এজন আগশাৰীৰ বিমান দুৰ্ঘটনা অনুসন্ধানকাৰী হিচাপে গণ্য কৰা হয়।
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি আইএএফ হেলিকপ্টাৰ কাৰিকৰী ত্ৰুটিৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা নাছিল। হেলিকপ্টাৰখনে ৰে’ললাইন অনুসৰণ কৰি কম উচ্চতাত উৰি থকাৰ বাবে হঠাতে ঘন ডাঁৱৰৰ সন্মুখীন হৈছিল আৰু দূর্ঘটনাত পতিত হৈছিল ৷
হেলিকপ্টাৰৰ আটাইকেউজন কৰ্মচাৰী অত্যন্ত যোগ্য আছিল যদিও পৰিস্থিতি সম্পৰ্কীয় অৱগত নোহোৱাকৈয়ে ভূমিপৃষ্ঠলৈ কৰা নিয়ন্ত্ৰিত উৰণ ইয়াৰ অন্যতম কাৰণ বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷ অনুসন্ধানকাৰী দলটোৱে সাম্ভাব্য মানৱীয় ত্ৰুটিকে ধৰি দুৰ্ঘটনাটোৰ বাবে সকলো সম্ভাৱ্য পৰিস্থিতি পৰীক্ষা কৰিছিল ৷ তদন্তকাৰী দলটোৱে সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলক কঢ়িয়াই নিয়া হেলিকপ্টাৰৰ বাবে মানক পৰিচালনা প্ৰক্ৰিয়া সংশোধন কৰাৰ বাবে কিছুমান পৰামৰ্শ প্ৰদান কৰা বুলিও জানিব পৰা গৈছে ৷