ইণ্ডিয়া গেটৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈকে দীঘলীয়া পথছোৱা, যাক ৰাজপথ হিচাপেও জনা যায়, তাৰ এক সুকীয়া পৰিচয় আছে ৷ প্ৰতি গৰাকী পর্যটকৰ বাবেও এই পথছোৱা আকর্ষণৰ কেন্দ্ৰবিন্দু ৷ কিন্তু ঐতিহাসিক এই পথৰ নাম সলনি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে ৷ সম্প্ৰতি নির্মীয়মান অৱস্থাত থকা তথা শীঘ্ৰে জনসাধাৰণৰ বাবে মুকলি হ’বলগীয়া দিল্লীৰ মাজমজিয়াৰ এই পথছোৱাৰ নাম ৰখা হ”ব কর্তব্য পথ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঔপনিৱেশিক শাসনৰ কালছোৱাক সোঁৱৰাই দিয়া নাম আৰু প্ৰতীক সলনি কৰিবলৈ সিদ্ধান্তৰ অংশ হিচাপে সমগ্ৰ অঞ্চলটোৰ পুনৰ নামকৰণ কৰ্তব্য পথ হিচাপে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ নেতাজীৰ প্ৰতিমূৰ্তিৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈকে সমগ্ৰ পথ আৰু এলেকাটো কৰ্তব্য পথ নামেৰে পৰিচিত হ’ব ৷
উল্লেখ্য যে যোৱা ১৫ আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰ পৰা ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে ঔপনিৱেশিক মানসিকতাৰ সৈতে জড়িত প্ৰতীকসমূহ বিলুপ্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ লগত সংগতি ৰাখি যোৱা সপ্তাহত নৌসেনাই নিজৰ এনচাইন সলনি কৰিছিল ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বাসগৃহ থকা পথটোৰ নাম ৰেচ কোৰ্চ ৰোডৰ পৰা লোক কল্যাণ মাৰ্গলৈ সলনি কৰা হৈছিল।
সূত্ৰই জনোৱা মতে, ৭ ছেপ্টেম্বৰত এনডিএমচিয়ে নাম সলনিৰ বাবে এক বিশেষ বৈঠক আহ্বান কৰিছে। ২০ মাহৰ ব্যৱধানৰ অন্তত অহা সপ্তাহত নতুন ৰূপত ৰাজপথ জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব ।
চহৰখনৰ আটাইতকৈ জনপ্ৰিয় ৰাজহুৱা স্থান বুলি গণ্য কৰা এই অঞ্চলটোৰ পুনৰ উন্নয়ন কৰা হৈছে ৷ ৰাজপথৰ কাষে কাষে ১৩৩ টাতকৈও অধিক বিজুলী খুটা, ৪০৮৭ ডাল গছ ৰোপন কৰা হৈছে ৷ ৰাজহুৱা সুবিধাৰ বাবে নতুন ব্লক আৰু ১০০০ৰো অধিক গাড়ীৰ বাবে পাৰ্কিং জ’ন স্থাপন কৰা হ’ব।