অসমকে ধৰি ৫ ৰাজ্যত আজি অনুষ্ঠিত হৈছে ৰাজ্যসভাৰ নির্বাচন ৷ অসমৰ উপৰি কেৰালা, হিমাচল প্ৰদেশ, নাগালেণ্ড আৰু ত্ৰিপুৰাত সর্বমুঠ ৮ খন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হৈছে ৷ অসমৰ দুখন আসন, কেৰালাৰ তিনিখন আসন, হিমাচল প্ৰদেশ, নাগালেণ্ড আৰু ত্ৰিপুৰাত এখন আসনৰ বাবে নির্বাচন অনূষ্ঠিত হৈছে ৷ অসমৰ দুখন আসনৰ বাবে বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰীয়ে প্ৰতিদ্বন্দিতা অগবঢ়াইছে । কংগ্ৰেছৰ হৈ ৰিপুন বৰাই এখন আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে ৷ ৰিপুন বৰাৰ কার্যকাল অহা ২ এপ্ৰিলত অন্ত পৰিব ৷ ইতিমধ্যে আজি বিধানসভা চৌহদত আৰম্ভ হৈছে ৰাজ্যসভাৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ আজি সন্ধিয়াৰ ভাগতে ঘোষণা কৰা হ’ব নির্বাচনৰ ফলাফল ৷ নির্বাচনৰ পূর্বে বিৰোধীৰ মাজত দেখা দিয়া বিভাজনে আউল লগাইছে ৰিপুন বৰাৰ জয়ৰ অংকত ৷ বিশেষকৈ এই আই ইউ ডি এফৰ বিধায়কসকলৰ ভোটক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ ৷ শাসকীয় পক্ষৰ মন্ত্ৰী-বিধায়কেও দাবী কৰিছে যে বিৰোধীৰ কেইবাটাও ভোট নাকচ হ’ব ৷ যাৰ বাবে সংখ্যা নথকা সত্বেও দ্বিতীয়খন আসনতো জয়লাভ কৰিব বুলি দাবী কৰিছে শাসকীয় বিজেপিয়ে ৷