ৰাজ্যসভাৰ ১২ জন সাংসদক নিলম্বন কৰাক লৈ মঙলবাৰে উত্তাল হৈ পৰে সংসদৰ মজিয়া ৷ বিৰোধীৰ দাবী অনুসৰি সাংসদ সকলক পুণৰ সংসদৰ মজিয়াত প্ৰৱেশৰ বাবে অনুমতি প্ৰদান কৰিবলৈ অধ্যক্ষই অস্বীকাৰ কৰাৰ বাবে উত্তাল হৈ পৰে ৰাজ্যসভা ৷ সংসদৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে বিৰোধীয়ে হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে ৷ যাৰ বাবে সংসদৰ কাম কাজ দিনৰ দুই বজালৈ স্থগিত ৰাখে অধ্যক্ষই ৷ উল্লেখ্য যে সংসদৰ মজিয়াত বিৰোধী সাংসদসকলে প্ৰদর্শন কৰা ব্যৱহাৰক লৈ ক্ষুন্ন হৈ পৰিছিল অধ্যক্ষ এম ভেংকায়া নাইডু ৷ সাংসদসকলৰ আচৰণ গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰি নাইডুৱে কয় যে সংসদ হৈছে গণতন্ত্ৰৰ মন্দিৰ সদৃশ ৷ বিৰোধী দলপতি মল্লিকার্জুন খার্গেই পুণৰ বিষয়তো বিবেচনাৰ বাবে জনোৱা আহ্বান নাকচ কৰাৰ পাছতে উচ্চ সদনৰ সাংসদসকলে সংসদৰ মজিয়া বর্জন কৰে ৷ সেইদৰে একেটা বিষয়ক লৈ লোকসভাৰ মজিয়াও কালি উত্তাল হৈ পৰে ৷