অসমৰ ৰামধেনু যুগৰ এগৰাকী স্বনামধন্য কথাশিল্পী তথা নগাঁও চহৰৰ খুটিকটীয়া নিবাসী ভদ্ৰেশ্বৰ ৰাজখোৱাৰ ৮০ সংখ্যক ওপজা দিন বুধবাৰে নগাঁৱৰ আগশাৰীৰ সামাজিক- সাংস্কৃতিক অনুষ্ঠান “কলংপৰীয়া আলোচনা চক্ৰ” আৰু অন্য এটি সাংস্কৃতিক অনুষ্ঠান “সুৰৰ পানচৈ শিল্পী সমাজ”ৰ যুটীয়া উদ্যোগত উদযাপন কৰা হয় । এই উপলক্ষে নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী তোদী স্মৃতি ভৱন প্ৰেক্ষাগৃহত দিনৰ ২ বজাৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় । ওপজা দিনত উপস্থিত থাকি নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্লাপ্ত অধ্যাপিকা তথা বিশিষ্ট সাহিত্যিক কল্পনা হাজৰিকা গায়নে কয় যে ৰামধেনু যুগৰ গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱা অসমীয়া গ্ৰাম্য কথকতাৰ ৰূপকাৰ । তেখেতৰ গল্পৰ ঘাই উপজীব্য অসমীয়া গ্ৰাম্য সমাজ। কলং-কপিলীৰ দৰে তেখেতৰ গল্পত জাকৈ,জুলুকি, পল’,দলঙাই অসমীয়া গ্ৰাম্য সংস্কৃতিক চহকী কৰিছে । শেষ হৈও শেষ নোহোৱা ভাব এটা তেখেতৰ গল্পৰ ঘাই বৈশিষ্ট্য । ফকৰা-যোজনা,প্ৰবাদ প্ৰবচনেৰে তেখেতৰ গল্প উপচি আছে । শালীনতাবোধ আৰু নাৰীৰ প্ৰতি মৰ্যদাসূচক দৃষ্টিভংগী তেখেতৰ গল্পৰ আন এক বিশেষত্ব । বহু সংখ্যক গল্প লিখাৰ পিছতো আজিৰ প্ৰজন্মৰ ওচৰত তেখেত পৰিচিত নোহোৱাটো দুৰ্ভাগ্যজনক কথা । ৰামধেনু যুগৰ কথা সাহিত্যিকগৰাকীৰ ওপজা দিনটোত নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লোক উপস্থিত থাকি ফুলাম গামোচা,গ্ৰন্থ,ফুলৰ থোপা আদিৰে সম্ভাষণ জনায় ৷
মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক মিলেশ্বৰ পাতৰে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সাহিত্যিক ৰাজখোৱাৰ ৰচনা সমগ্ৰ একত্ৰে প্ৰকাশ কৰা ক্ষেত্ৰত কোনো সদাশয় লোকে আগভাগ লোৱাটো অত্যন্ত প্ৰয়োজন বুলি মত ব্যক্ত কৰে । নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই উদ্বোধন কৰা আৰু শিল্পী মামণি শৰ্মা ভট্টাচাৰ্যই ভক্তিমূলক গীত পৰিবেশনৰে আৰম্ভ হোৱা সভাত প্ৰবীণ কণ্ঠশিল্পী কুমকুম বৰুৱা, অধ্যাপক মোহিনী মোহন ডেকা, অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃণাল হাজৰিকা,নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ- সভাপতি ভৱেশ মেধি,বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য,শিশু প্ৰেমী দুলাল বৰা,বিশিষ্ট নাট্যকাৰ দীপক বৰা,বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং,কবি অশোকৰাম ভট্টাচাৰ্য,চন্দ্ৰ শইকীয়া,দীপ্তি শইকীয়া,মালা কাকতি,প্ৰণীতা শৰ্মা, দীপা পণ্ডিত,কাবেৰী মহন্ত,দীপকৰাম ভট্টাচাৰ্য, বিশিষ্ট ভাস্কৰ্য শিল্পী ৰাজীৱ মহন্ত,দীপিকা নাথ,চিৰিণ বেগম,অধিবক্তা কৃপাসিন্ধু অধিকাৰী প্ৰমুখ্যে শতাধিক গুণী-জ্ঞানী লোক উপস্থিত থাকে । উল্লেখ্য যে কলংপৰীয়া আলোচনা চক্ৰ আৰু সুৰৰ পানচৈ শিল্পী সমাজৰ তৰফৰ পৰা গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাক আনুষ্ঠানিকভাবে “গল্প ৰত্ন” অভিধা প্ৰদান কৰা হয় ৷
কলংপৰীয়া আলোচনা চক্ৰৰ সভাপতি,বিশিষ্ট লেখক প্ৰদীপ কুমাৰ শইকীয়াই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত “গল্প ৰত্ন” অভিধা গ্ৰহণ কৰি বৰ্ষীয়ান সাহিত্যিকগৰাকীয়ে কয় যে জীৱনত বহুতো কিবা-কিবি বঁটা-পুৰস্কাৰ আদি পালোঁ যদিও এইদৰে উপাধি বা অভিধা লাভ কৰিবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ আৰু ইয়ে মোক স্বৰ্গীয় আনন্দ দান কৰিলে ৷ অনুষ্ঠানটিত কবি স্মৃতা কলিতাৰ “সঠিক জীৱনৰ সোপান” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাই ৷ সু-আবৃত্তিকাৰ পূৰবী শইকীয়াৰ আবৃত্তি,শিল্পী প্ৰণতি বৰা আৰু হেলেন পণ্ডিতৰ সুৱদি সুৰীয়া গীতে অনুষ্ঠানটিক বিশেষ গাম্ভীৰ্য প্ৰদান কৰাৰ লগতে জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷ উল্লেখ্য যে ভদ্ৰেশ্বৰ ৰাজখোৱাৰ অসমীয়া গল্প সাহিত্যৰ বেদীলৈ আগবঢ়োৱা অৱদান অনস্বীকাৰ্য ৷ তেখেতৰ সৃষ্টিৰাজিয়ে অসমীয়া পাঠক ৰাইজৰ হৃদয়ত সাঁচ বহুৱালৈ সক্ষম হৈছে ৷ ইতিমধ্যে ৰাজখোৱাৰ “ঢৌ খেলি ঢৌ খেলি”, “শম্ভূধন ফংল’ছা” আৰু “কলং বৈ যায়” নামেৰে ৩খন উপন্যাসৰ সংকলন প্ৰকাশ হৈছে ৷ ইপিনে তেখেতৰ “কলং বৈ যায়” উপন্যাসখন তিনিখনকৈ উপন্যাস সমৃদ্ধ এখন সংকলন “এখন নতুন দলং”, “মই বুজি পালোঁ”, “এদিন ক্লিয়’পেট্ৰাই কান্দিছিল”,”মা”, “তললৈ আৰু তললৈ”,”কেম্পটী জলপ্ৰপাত”,”নাতি আৰু হাতী”, “মোৰ গাঁও মোৰ দেশ” নামেৰে ৰাজখোৱাৰ কেইবাখনো নিৰ্বাচিত গল্পৰ সংকলনো প্ৰকাশ হৈ সাহিত্যানুৰাগী ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে ৷