ছত্তীশগড়ৰ দশম ৰাজ্যপাল হিচাপে আজি শপত গ্ৰহণ কৰে প্ৰাক্তন সাংসদ ৰমেন ডেকাই। অসমৰ প্ৰাক্তন লোকসভা সদস্য তথা বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক ডেকাই ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এই পদত অধিষ্ঠিত হৈ থকা বিশ্বভূষণ হৰিচন্দনৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব । ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰমেশ সিনহাই ডেকাক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই ৷
এই উপলক্ষে মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাই, বিধানসভাৰ অধ্যক্ষ ৰমন সিং, ৰাজ্যিক মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু জ্যেষ্ঠ আমোলাসকল উপস্থিত থাকে।
৭০ বছৰীয়া ডেকাই দুবাৰকৈ ২০০৯ আৰু ২০১৪ চনত সংসদৰ সদস্য হিচাপে মঙলদৈ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ৷ বিজেপিৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ডেকাই । ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ ভিতৰত তেওঁ অন্যতম। মঙলবাৰে ৰায়পুৰত উপস্থিত হোৱাৰ পিছত ডেকাই কয় যে ছত্তীশগড়ৰ উন্নয়নত সুবিধা প্ৰদান কৰাটো তেওঁৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ।