মহানগৰীত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা ৷গুৱাহাটীৰ গড়চুকত আৰক্ষীৰ গুলীত আহত হৈছে ভূ-মাফিয়া ৰমেন মদাহী ৷ ক্ৰাইম ব্ৰাঞ্চ আৰু মহানগৰ আৰক্ষীৰ যৌথ অভিযানৰ সময়তে এই এনকাউনণ্টাৰৰ ঘটনা সংঘটিত হয় ৷ পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে চলোৱা গুলীচালনাত ৰমেন আহত হয় ৷ লালুংগাওঁ নিবাসী আহত ৰমেন মদাহীক জিএমচিএইচত ভর্ত্তি কৰোৱা হৈছিল ৷
উল্লেখ্য যে কিছুদিন পূর্বে গুৱাহাটীত মাটিৰ নামত জালিয়াতি কৰা এটা বৃহৎ চক্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ দিছপুৰ ৰাজহ চক্ৰৰ এজন কর্মচাৰী, অধিবক্তা আৰু লাট মণ্ডলক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ এই চক্ৰটোৱে বহু লোকৰ মাটি গোপনে আনৰ নামত নামজাৰি কৰি জালিয়াতি কৰি আহিছিল ৷
উক্ত চক্ৰটোৰ সৈতে ৰমেন মদাহীও জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ আনকি ৰমেনৰ সৈতে জড়িত হৈ আছে এটা বৃহৎ চক্ৰ ৷ ৰমেনৰ নেতৃত্বৰ গুণ্ডাবাহিনীয়ে অসহায় অথবা আর্থিকভাৱে দূর্বল লোকসকলক দাবী ধমকি দি তেওঁলোকৰ মাটি দখল কৰি উচ্চ দামত বিক্ৰী কৰিছিল ৷ একপ্ৰকাৰ মাটি দালালিৰ নামত এই চক্ৰটোৱে মহানগৰীএৰ বহু অসহায় লোকক সর্বস্বান্ত কৰিছিল ৷