VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কামৰূপত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী – প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বেজেৰাৰ ৮৭২ গৰাকী কৃষকক বীমা পলিচি প্ৰদান

voicedesk by voicedesk
February 28, 2022
in মুখ্য সংবাদ
কামৰূপত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী – প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বেজেৰাৰ ৮৭২ গৰাকী কৃষকক বীমা পলিচি প্ৰদান
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

কামৰূপ আমিনগাঁও ২৮ ফেব্ৰুৱাৰীঃ “প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা হৈছে কৃষকসকলে অতি কম প্ৰিমিয়ামৰ বিনিময়ত শস্য বীমা কৰিব পৰা এখন লাভদায়ক আঁচনি। শস্য সিঁচাৰ পৰা চপোৱালৈকে সকলো দিশ এই আঁচনিৰ অধীনত সামৰি লোৱা হয়।”–আজি বেজেৰা প্ৰেক্ষাগৃহত শস্য বীমা পলিচি প্ৰদান কৰাৰ বাবে অনুষ্ঠিত কৰা সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এইদৰে কয়।

তেওঁ আৰু কয় যে কৃষকসকলৰ মাজত এই আঁচনিখন সম্পৰ্কত সজাগতাৰ সৃষ্টি কৰিবলৈ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলোৱাৰ মুহূৰ্তত বছৰ জোৰা কাৰ্যসূচীৰে পালন কৰি থকা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি “মোৰ পলিচি মোৰ হাতত” শীর্ষক সজাগতা অভিযান গ্ৰহণ কৰা হৈছে যাতে কৃষকসকলে সহজতে বীমা পলিচি লাভ কৰাৰ উপৰি আঁচনিখনৰ বিষয়ে অধিক জ্ঞান লাভ কৰিব পাৰে আৰু তেওঁলোকৰ অভাৱ-অভিযোগ সম্পৰ্কেও প্ৰশাসনক অৱগত কৰিব পাৰে। এই আঁচনিৰ অধীনত ৩ বছৰত ২৭ কোটি দাবী মঞ্জুৰী কৰা হৈছে আৰু ১০ কোটি কৃষক লাভান্বিত হৈছে বুলি উল্লেখ কৰি অসমৰ সকলো কৃষকক এই আঁচনিৰ সুবিধা ল’বলৈ তেওঁ আহ্বান জনায়। তেওঁ এই বীমা আঁচনিৰ অধীনত অধিক শস্য সামৰাৰ পদক্ষেপ ল’ব বুলিও কয়।

ভাষণ প্ৰসংগত শ্ৰীতেলীয়ে আৰু কয় যে গৃহিনীসকলৰ সুবিধাৰ্থে আৰু চিলিণ্ডাৰৰ বিস্ফোৰণ নোহোৱা কৰিবলৈ এতিয়া গেছ চিলিণ্ডাৰসমূহ ফাইবাৰেৰে প্ৰস্তুত কৰা হৈছে। ইয়াৰ ফলত এহাতে ইয়াৰ ওজন কমিব আৰু স্বচ্ছতাৰ বাবে গেছৰ খৰচৰ পৰিমাণ জানিব পাৰিব। তদুপৰি কম দিনতে গেছ পাইপলাইনৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে শ্ৰমিকসকলৰ সুবিধাৰ্থে আয়কৰ দিব নলগা বা পিপিএফ নথকা সকলো কম আয়ৰ লোককে ই-শ্ৰম কাৰ্ড লবলৈও তেওঁ আহ্বান জনায়। তেওঁ কয় যে এই কাৰ্ডৰ লগত প্ৰধান মন্ত্ৰী শ্ৰম যোগী মানধন যোজনা সংযোজিত কৰি শ্ৰমিকসকলক ৬০ বছৰ পিছত ৩০০০ টকাকৈ পেন্সন দিয়াৰ ব্যৱস্থা আছে। তদুপৰি কাৰ্ড থকা ব্যক্তিগৰাকীৰ মৃত্যুত পৰিয়ালৰ লোকে ২ লাখ টকা লাভ কৰিব পাৰে আৰু আহত হলে ১ লাখ টকা লাভ কৰে।

প্ৰসংগক্ৰেম ইথানলৰ ব্যৱহাৰৰ বাবে যান-বাহনৰ কোনো ক্ষতি নহয় বুলি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক শংকিত নহ’বলৈ আহ্বান জনায়।

সভাত ভাষণ প্ৰদান কৰি কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাতিৰ্ক এন আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই সকলো কৃষককে আঁচনিখনৰ সুবিধা ল’বলৈ আহ্বান জনায়।

সভাত আদৰণি ভাষণ প্ৰদান কৰে কৃষি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ডঃ আশিষ কুমাৰ ভূটানীয়ে।

উল্লেখযোগ্য যে দেশৰ কৃষকসকলৰ উন্নতি সুনিশ্চিত কৰাৰ বাবে ২০১৬ চনত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাখন গ্ৰহণ কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগ, কীট-পতংগ বা আন বেমাৰৰ দ্বাৰা পীডিত খেতিৰ বাবে কৃষকসকলে সন্মুখীন হোৱা লোকচানৰ ক্ষতিপূৰণ দিয়া হয়। আঁচিনখনৰ অধীনত ২০২১-২২ বৰ্ষৰ Summer Crop (বড়ো ধানৰ) ক্ষেত্ৰত এইবাৰ কামৰূপত ৪৮,০৮৪ গৰাকী কৃষকে এই বীমা গ্ৰহণ কৰিছে। ইতিমধ্যে যোৱা ২৬ ফেব্ৰুৱাৰীত জিলাখনত এই বীমা পলিচি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে আৰু আজি বেজেৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত তিনিখন গাওঁ পঞ্চায়তৰ ৪৭২ গৰাকী হিতাধিকাৰীক এই বীমা পলিচি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

আজিৰ সভাত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি জাবীৰ ৰাহুল সুৰেশ, কামৰূপৰ সদৰ মহকুমাধিপতি মুনমী কলিতা, মন্ত্ৰী তেলীৰ বিশেষ কৰ্তব্যৰত বিষয়া দেৱাশীষ ডেকাৰ লগতে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকল আৰু বেজেৰা অঞ্চলৰ কৃষকসকল উপস্থিত থাকে।

Previous Post

ছোনিয়া-ৰাহুললৈ ন্যায়ালয়ৰ জাননী , কি জগৰ লগালে দুই শীর্ষ নেতাই

Next Post

উগ্ৰতাৰা দেৱালয়ত শিৱৰাত্ৰি

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
উগ্ৰতাৰা দেৱালয়ত শিৱৰাত্ৰি

উগ্ৰতাৰা দেৱালয়ত শিৱৰাত্ৰি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7