ৰঙিয়া পৌৰসভাৰ অধীনস্থ ১০ টা ৱাৰ্ডৰ বাবে ৬ মাৰ্চ তাৰিখে অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া ৬৯.৩৪ শতাংশ ভোটদানৰ হাৰেৰে স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় ।
ৰঙিয়া পৌৰসভাৰ ১০টা ৱাৰ্ডৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল দেৰকুৰি প্ৰাৰ্থী । উল্লেখ্য যে, এইবেলি ৰঙিয়া পৌৰসভাৰ নিৰ্বাচনত ১নং ৱাৰ্ডত ৪ গৰাকী, ২নং ৱাৰ্ডত ৫ গৰাকী, ৩নং ৱাৰ্ডত ২ গৰাকী, ৪নং ৱাৰ্ডত ২ গৰাকী, ৫নং ৱাৰ্ডত ৪ গৰাকী, ৬নং ৱাৰ্ডত ২ গৰাকী, ৭নং ৱাৰ্ডত ২ গৰাকী, ৮নং ৱাৰ্ডত ২ গৰাকী, ৯নং ৱাৰ্ডত ৪ গৰাকী আৰু ১০নং ৱাৰ্ডত ৩ গৰাকী প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দিতা হয় ।
লক্ষ্যণীয় যে, অসম ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা জাননী অনুযায়ী ৬ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা আবেলি ৪:०० বজালৈ এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হয় । অহা ৯ মাৰ্চত পুৱা ৮:०० বজাৰ পৰা ইয়াৰ ভোটগণনা আৰম্ভ হ’ব।
ৰঙিয়া পৌৰসভাৰ মূঠ ১০ টা ৱাৰ্ড সামৰি স্থাপন কৰা ২৩ টা ভোট কেন্দ্ৰৰ ভিতৰত ২১টা ৰঙিয়া বিধানসভা সমষ্টিত আৰু ২টা কমলপুৰ বিধানসভা সমষ্টি এলেকাৰ অন্তৰ্গত আছিল । লক্ষ্যণীয় যে, ৰঙিয়া পৌৰসভাত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা আছিল বেছি ৷ পৌৰসভা এলেকাত মুঠ ভোটাৰ আছিল ২২,২৫৯ গৰাকী । ইয়াৰ ভিতৰত ১০,৯৮১জন পুৰুষ ভোটাৰৰ বিপৰীতে ১১,২৭৮ গৰাকী মহিলা ভোটাৰ ।
ইফালে, ৰঙিয়া পৌৰসভাৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল মহকুমা প্ৰশাসনে ৷ নিৰ্বাচনী বিষয়া ডঃ নীল হৰিৎ কৌশিকৰ নেতৃত্বত প্ৰতিটো কোষে অতি নিয়াৰিকৈ দায়িত্ব পালন কৰিছিল । বিশেষকৈ, চক্ৰ বিষয়া লীণা কুমাৰী পাৱে, সহকাৰী আয়ুক্ত চম্পক ডেকা, অম্লান বৈশ্য, চক্ৰ বিষয়া (সংলগ্ন) অনন্যা চৌধুৰী, কোষাগাৰ বিষয়া হীৰামণি বৰ্মণ, উপ-পঞ্জীয়ক মনজিৎ কুমাৰ দাস আৰু মিডিয়া কোষ আদি প্ৰতিটো কোষৰ তত্বাৱধায়ক আৰু বিষয়া-কৰ্মচাৰীসকলে সফলতাৰে নিৰ্বাচনী কাম-কাজ পৰিচালনা কৰিছিল । আনহাতে, অসম ৰাজ্যিক নিৰ্বাচন আয়োগে সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা অসম চৰকাৰৰ ভূমি অধিগ্ৰহণ আৰু সংস্কাৰ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰৱীৰ কুমাৰ দত্ত ,(অ. অ.সে.) ই ভোট গ্ৰহণ প্ৰক্ৰিয়া পৰ্যবেক্ষণ আৰু তদাৰক কৰি আছিল ৷
প্ৰণিধানযোগ্য যে, সন্মুখৰ পৰা নেতৃত্বত থাকি সামগ্ৰিক ভাৱে সফলতা লাভ কৰা পৰিলক্ষিত হোৱা ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত তথা অতিৰিক্ত উপায়ুক্ত জাৱীৰ ৰাহুল সুৰেশে (ভা: প্ৰ: সে:) নিৰ্বাচন স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণ ভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত সকলোৱে সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । তেখেতে কয় যে, ভোট গ্ৰহণ প্ৰক্ৰিয়াত জড়িত প্ৰতিগৰাকী পুলিং বিষয়া-কৰ্মচাৰীৰ দায়বদ্ধতা আৰু ভোটাৰ তথা অন্যান্য অংশীদাৰসকলৰ সঁহাৰিৰ বাবে এই নিৰ্বাচনী প্ৰক্ৰিয়া মুক্ত, নিকা আৰু নিৰাপদভাৱে সম্পন্ন কৰাত সফলতা লাভ কৰা হৈছে ।
উল্লেখ্য যে, এইবাৰ পৌৰসভাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বেলট কাকতৰ পৰিৱর্তে ই ভি এম যোগে ভোটগ্ৰহণ কৰা হয় ।