ৰঙিয়াৰ শঙ্কৰদেৱ শিশু নিকেতনে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰে আশানুৰূপ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ৰঙিয়াৰ এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনে উন্নত ফলাফল দেখুৱাই ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে, শঙ্কৰদেৱ শিশু নিকেতনৰ পৰা বিগত বছৰতো এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল। বিদ্যালয়খনৰ পৰা এইবাৰ ৭৫ জন ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১৭ জনে ডিষ্টিংশ্যন, ১৭ জনে ষ্টাৰ মাৰ্ক, ৬৩ জন প্ৰথম বিভাগত, ১১ জন দ্বিতীয় বিভাগত আৰু ১ জনে তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে।
আনহাতে বিদ্যালয়খনৰ অসমীয়াত ২১, ইংৰাজীত ৩৩, সাধাৰণ বিজ্ঞানত ২৩, সাধাৰণ গণিত ১৮, সমাজ বিজ্ঞান ৪১, উচ্চ গণিত ১০, সংস্কৃত ১৮, হিন্দী ৩, মিউজিক ৩ গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ মাৰ্ক লাভ কৰে। আনফালে সাধাৰণ গণিতত ২, সমাজ বিজ্ঞানত ২ আৰু উচ্চ গণিতত ৩ জনে এশ শতাংশ নম্বৰ পাবলৈ সক্ষম হৈছে। শিক্ষাৰ্থী নাচিমা ফাৰহানা আৰু দৰ্শিল বৰুৱাই ৫৭৫ (৯৫.৬৬৭) নম্বৰ পোৱাত বেচৰকাৰী বিদ্যালয়খনৰ আশানুৰূপ ফলাফল দেখুওৱাত উৎফুল্লিত হৈ পৰিছে অভিভাৱক সকলৰ লগতে ৰঙিয়াবাসী ৰাইজ৷