ভাৰতৰ তিনিওটা সশস্ত্ৰ বাহিনী যৌথতাৰ দিশত দ্ৰুতগতিত কাম অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ উদ্দ্যেশ্য হৈছে তিনিওটা বাহিনীৰ হাতত থকা অস্ত্ৰ শস্ত্ৰকে ধৰি অন্যান্য সা-সুবিধা প্ৰয়োজনত প্ৰত্যেকটো বাহিনীৰ বাবে নিৰৱচ্ছিন্নভাৱে উপলব্ধ হয় ৷ সোমবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা প্ৰকাশ কৰিছে ৷
দিল্লীত সেনাৰ লজিষ্টিক বিষয়ক এখন আলোচনা চক্ৰ সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে ৰে’ল খণ্ডত দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছে ৷ যোৱা সাত বছৰত ৯ হাজাৰ কিলোমিটাৰতকৈ অধিক ৰেলপথ নির্মাণ কৰা হৈছে। ২০১৪ চনৰ পূৰ্বৰ পাঁচ বছৰত সংশ্লিষ্ট এই পৰিমাণ আছিল মাত্ৰ ১৯০০ কিলোমিটাৰ ৷
আলোচনা চক্ৰৰ মুকলি সভাত সেনাধ্যক্ষ জেনেৰেল মনোজ পাণ্ডে, আই এ এফৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল ভি আৰ চৌধুৰী আৰু নৌসেনাৰ মুৰব্বী এডমিৰ্ক আৰ হৰি কুমাৰ, নিটি আয়োগৰ সদস্য ভি কে সৰস্বতকে ধৰি অন্যান্য উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত অসামৰিক আৰু সামৰিক অংশীদাৰসকলৰ মাজত প্ৰয়োজনীয় সহযোগিতা আৰু সমন্বয়নৰ বিষয়ে উল্লেখ কৰি কয়- ‘আমি তিনিটা সেৱাৰ যৌথতাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছো ৷ আমাৰ প্ৰচেষ্টা হৈছে এটা সেৱাৰ সম্পদসমূহ অন্য সেৱাসমূহৰ বাবে নিৰৱচ্ছিন্নভাৱে উপলব্ধ কৰিব পৰা যায়।“