আজি আঘোণৰ পূর্নিমা ৷ ৰাজ্যজুৰি এই উপলক্ষে আজিৰে পৰা আৰম্ভ হৈছে ৰাস মহোৎসৱ ৷ বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান মাজুলীৰ পৰা আৰম্ভ কৰি সত্ৰনগৰী বৰপেটালৈকে সকলোতে এতিয়া ৰাসৰ উৎসাহ ৷ শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ ৷
ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ আজিৰে পৰা আৰম্ভ হৈছে মঙলদৈ ৪৪ সংখ্যক শ্রীশ্রী কৃষ্ণ ৰাস উৎসৱৰ ব্যাপক প্রস্ততি- চলিছে। মঙলদৈ সনাতন ধর্মসভাৰ উদ্যোগত দেওবাৰৰ পৰা 8 ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ৰাসোৎসৱৰ বাবে বিজুলী চালিতকে ধৰি তিনিশৰো অধিক মৃন্ময় মূর্তি সাজু কৰা হৈছে।
প্ৰায় ২৮ লাখ বাজেটেৰে আয়োজন কৰা হৈছে এই ৰাসোংসৱ ৷প্রত্যেক দিনে মঙলদৈ ৰাসোৎসৱলৈ অহা লাখ লাখ ভক্তক আদৰিবলৈ আৰু পূৰ্বতকৈয়ো অধিক শৃংখলা শান্তি বজাই ৰখাৰ কামত মহাবিদ্যালয়সমূহৰ শতাধিক-ছাত্র-ছাত্রীক স্বেচ্ছাসেৱক হিচাবে নিয়োজিত কৰা হৈছে।
ইতিমধ্যে তেওঁলোকক যাৱতীয় প্রশিক্ষণো প্রদান কৰা হৈছে। এইবাৰৰ ৰাস আনুষ্ঠানিক উদ্বোধন কৰিব আই এ আছ (অৱসৰপ্রাপ্ত) বিশেষ সচিব, ভূমি আৰু দুর্যোগ ব্যৱস্থাপনা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অশোক কুমাৰ বৰ্মনে । অশোক কুমাৰ বর্মনক মঙলদৈ কলেজৰ খেলপথাৰৰ পৰা সনাতন ধর্মসভালৈ আদৰি আনিবৰ বাবে আয়োজন কৰা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব বিশিষ্ট অভিনেত্রী প্রস্তুতি পৰাশৰে।
আনহাতে ২৬ নৱেম্বৰৰ উদ্বোধনীৰ দিনা পুৱা ৯-৩০ পৰিবেশ নিকাকৰণ মুকলি কৰিব পৌৰপতি নিৰ্মালী দেৱী শর্মাই। ১০ বজাত ধর্মধব্বজা উত্তোলন কৰিব সনাতন ধর্মসভাৰ সভাপতি- পঞ্চানন শর্মাই।
ৰাসোৎসৱৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি মুকুল চন্দ্র ডেকাই। নিত্য নৈমিত্তিক পূজা অর্চনা, ভাগৱত পাঠ চক্ৰ, নামতী দলৰ দিহা নাম প্রতিযোগিতা, বাৰেৰহনীয়া সাংস্কৃতিক সন্ধিয়া, ধর্মালোচনী সভা, নাগাৰা নাম পৰিবেশন, ”মহাৰথী কর্ন” পূর্নাংগ নাট মঞ্চস্থ, লোক সংস্কৃতিৰ এসন্ধ্যা আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ন হ’ব।