কুন্নুৰৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ হোৱা স্ক্বাড্ৰন লিডাৰ কূলদীপ সিং ৰাজস্থানৰ ঝুনঝুনুঙৰ ঘড়ৰানাখুৰ্দ গাৱঁৰ বাসিন্দা আছিল৷ শ্বহীদগৰাকীৰ পৰিয়াললৈ ৰাজস্থান চৰকাৰে আগবঢ়াইছে এক কোটি টকা ৷ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গহলোটে এই কথা ঘোষণা কৰে ৷
কূলদীপ আছিল কুন্নুৰত সংঘতিত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত চি ডি এছ বিপিন ৰাৱটক কঢ়িয়াই নিয়া হেলিকপ্টাৰ খনৰ পাইলট ৷ শণিবাৰে শ্বহীদ কুলদীপ সিঙৰ অন্তিম সংস্কাৰৰ সময়ত দিল্লীৰ পৰা হেলিকপ্টাৰেৰে শ্বহীদ গৰাকীৰ নশ্বৰ দেহ সন্মান পূৰ্বক ভাৱে তেওঁৰ স্ব গৃহলৈ লৈ যোৱা হয় ৷ শ্বহীদ কূলদীপ সিঙক শেষ শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে সেই ঠাইত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে আৰু ভাৰত মাতৃৰ জয়জয়কাৰ ধ্বনিৰ মাজত তেওঁৰ পত্নীয়ে মূখাগ্নি কৰি দেশমাতৃৰ সেৱাত প্ৰাণ ত্যাগ কৰা তেওঁৰ স্বামীক শেষ বিদায় জনায় ৷