কুকুৰাৰ সলনি এন্দুৰৰ মাংস! ৰেষ্টুৰেণ্টত খাই থকা অৱস্থাত খাদ্যৰ প্লেটত মাংস দেখি দুজন লোক হতভম্ব হৈ পৰে। তেওঁলোকৰ অভিযোগৰ ভিত্তিত তদন্তৰ অন্তত ৰেষ্টুৰেণ্টখন বন্ধ কৰি দিয়া হয়। মুম্বাইৰ বান্দ্ৰাৰ এখন বিখ্যাত ৰেষ্টুৰেণ্টত সংঘটিত হৈছে এই ঘটনা। খাদ্যৰ মান নিয়ন্ত্ৰণ সংস্থা ‘ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচনে’ (এফ ডি এ) ৰেষ্টুৰেণ্টখন বন্ধ কৰাৰ জাননী জাৰি কৰিছে। শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা।
যোৱা সোমবাৰৰ সংঘটিত হয় এই ঘটনা। সেইদিনা বেংকৰ এজন মেনেজাৰ আৰু তেওঁৰ বন্ধুৱে বান্দ্ৰা আৰক্ষী থানাত ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কুকুৰাৰ মাংসৰ সলনি এন্দুৰৰ মাংস পৰিবেশন কৰা বুলি অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছতে ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে গোচৰ ৰজু কৰা হয়।
তদন্তৰ সময়তে ৰেষ্টুৰেণ্টখনৰ দুজন ৰান্ধনী আৰু মেনেজাৰক গ্ৰেপ্তাৰ কৰা হয়। পিছত অৱশ্যে তেওঁলোকক জামিনত মুকলি কৰি দিয়া হয়। অভিযোগ লাভ কৰাৰ পিছতে এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ চৰকাৰে এফ ডি এক তদন্তৰ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে ৰেষ্টুৰেণ্ট বন্ধ কৰাৰ জাননী জাৰি কৰা হয়।