পুৰীৰ জগন্নাথ মন্দিৰত নিগনিৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বৃদ্ধি পাইছে। কেতিয়াবা যদি মূৰ্তিৰ কাপোৰ কাটিছে কেতিয়াবা আকৌ পূজাৰ সময়ত উপস্থিত হৈ পূজাৰীৰ কামত ব্যাঘাত জন্মাইছে ৷ মুঠতে মন্দিৰটোৰ চাৰিওফালে এতিয়া নিগনিৰ উপদ্ৰৱত অতীষ্ঠ হৈ পৰিছে মন্দিৰ কর্তৃপক্ষ ৷
ক’ভিড মহামাৰী আৰু লকডাউনৰ সময়ৰ পৰাই পুৰীৰ মন্দিৰত নিগনিৰ প্ৰজনন আৰম্ভ হোৱা বুলি কৰ্মচাৰীসকলে দাবী কৰিছে। লকডাউনৰ সময়ছোৱাত মন্দিৰ চৌহদত ভক্তৰ চলাচল বহু সময় ধৰি বন্ধ হৈ আছিল। খালী মন্দিৰত এন্দুৰৰ বংশ বৃদ্ধি পাইছে। ইয়াৰ পিছত মহামাৰী কমি আহিল যদিও মন্দিৰৰ পৰা নিগনিবোৰ খেদিব নোৱাৰিলে। বৰং জগন্নাথৰ ডেৰাত তেওঁলোকৰ প্ৰভাৱ বাঢ়িছে।
নিগনিৰ উপদ্ৰৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে মন্দিৰৰ পুৰোহিতসকলে। মন্দিৰত থকা জগন্নাথ, বলোৰাম আৰু সুভদ্ৰাৰ মূৰ্তিবোৰ কাঠৰে নির্মিত ৷নিগনিয়ে তাতো উপদ্ৰৱ চলালে পৰিস্থিতি অধিক শোচনীয় হ’ব ৷ নিগনিয়ে ইতিমধ্যে মূৰ্তিৰ কাপোৰ কাটিছে। গর্ভগৃহত পূজাৰ সময়তো নিগনিয়ে পূজাৰীসকলৰ কাম-কাজত ব্যাঘাট জন্মায় ৷ তেওঁলোকে অনুভৱ কৰে যে নিগনিৰ এই উপদ্ৰৱ তৎক্ষণাত বন্ধ কৰাটো প্ৰয়োজন।
সেৱৈত বিজয়কৃষ্ণ পুষ্পালকে কয়, ‘আমি নিগনিবোৰ ধৰি বাহিৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছো। কেৱল নিগনি নহয়, মন্দিৰত মৌমাখিও আছে। আমি মৌমাখিও মন্দিৰৰ পৰা খেদি পঠোৱাৰ ব্যৱস্থা কৰি আছো।” মন্দিৰ কৰ্তৃপক্ষই জনোৱা মতে, নিগনিয়ে দেৱতাক অৰ্পণ কৰা ফুলবোৰ খাই পেলায় ৷ মূৰ্তিটোৰ কাপোৰো কাটি পেলাইছে ৷ কিন্তু মন্দিৰৰ ভিতৰত জীৱ-জন্তু হত্যা নিষিদ্ধ। গতিকে নিগনি মৰিবলৈ বিষ দিব নোৱাৰে। কর্মচাৰীসকলে নিগনিবোৰ ধৰি মন্দিৰৰ পৰা বাহিৰলৈ উলিয়াই দিবলগীয়া হৈছে ৷
আচলতে মন্দিৰত নিগনিৰ খাদ্যৰ অভাৱ নাই। জগন্নাথ মন্দিৰৰ প্ৰসাদ খাবও পায় ৷ ফলত তেওঁলোকে মন্দিৰ চৌহদৰ পৰা ওলাই যাব নিবিচাৰে। বাহিৰত এৰি দিলেও বাৰে বাৰে নিগনিবোৰ ঘূৰি আহে। জগন্নাথ মন্দিৰৰ সঞ্চালক জিতেন্দ্ৰ সাহুৱে অৱশ্যে কয় যে তেওঁলোক নিগনিক লৈ বেছি চিন্তিত নহয়। ভয় কৰিব লগা একো নাই। লগতে তেওঁ কয় যে কাঠৰ মূৰ্তিবোৰ নিয়মিতভাৱে চন্দন আৰু কৰ্পূৰেৰে চাফা কৰা হয়।