দূৰদৰ্শনৰ নব্বৈ দশকৰ জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণৰ ৰাৱনৰ ভূমিকাত অধ্যয়ন কৰা অৰবিন্দ ত্ৰিপাঠীৰ হৃদ ৰোগত আক্ৰান্ত হৈ আজি পুৱা ৯.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ।
তেখেতে গুজৰাট চৰকাৰৰ তৰফৰ পৰা শ্ৰেষ্ঠ অভিনেতা হিচাপে সাতটা বঁটা লাভ কৰিছিল। ৰামায়ণৰ উপৰিও জেষ্ঠ অভিনেতাজন “জঙ্গল ম্যে মংগল”, ” আজ কি তাজা খবৰ” “পৰায়া ধন” কে ধৰি কেইবাখনো হিন্দী আৰু গুজৰাটী বোলছবিত অভিনয় কৰিছিল।
এসময়ত ৰাৱন চৰিত্ৰৰ অভিনেয়েৰে দৰ্শকৰ মন জয় কৰা অভিনেতা ৰাৱন ত্ৰিবেদীৰ মৃত্যুত সমগ্ৰ দেশবাসীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই গভীৰ শোক প্ৰকাশ কৰিছে।