টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়াৰ ২৫ বছৰ উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই সভাতে তেওঁ কয় যে অহা ডেৰ দশকত ৫জি প্ৰযুক্তিয়ে ভাৰতৰ অৰ্থনীতিলৈ ৪৫০ বিলিয়ন ডলাৰ অৰিহণা যোগাব। তেওঁ লগতে অহা দহ বছৰৰ ভিতৰত ভাৰতে ৬জি সেৱা আৰম্ভ কৰিবলৈ সাজু হ’বলৈ আহ্বান জনায় ৷ যাৰ বাবে ইতিমধ্যে এটা টাস্ক ফ’ৰ্চে কাম আৰম্ভ কৰিছে। মঙলবাৰে টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়াৰ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘৫জিয়ে ভাৰতীয় অৰ্থনীতিলৈ ৪৫০ বিলিয়ন ডলাৰ অৰিহণা যোগাব। কেৱল ইণ্টাৰনেটৰ গতিবেগেই নহয়, ৫জিয়ে অৰ্থনৈতিক বিকাশৰ গতি আৰু নিয়োগ সৃষ্টিৰ গতিও বৃদ্ধি কৰিব। এই দশকৰ শেষলৈকে আমি ৬জি সেৱা আৰম্ভ কৰিবলৈ চেষ্টা কৰা হৈছে আৰু আমাৰ টাস্ক ফ’ৰ্চে ইয়াৰ ওপৰত কাম আৰম্ভ কৰিছে”।
মোদীয়ে লগতে কয় যে “২জি” যুগত “দুৰ্নীতি সংঘটিত হৈছিল ৷ কিন্তু আজি দেশ “স্বচ্ছভাৱে” ৪জি আৰু এতিয়া ৫জি সেৱালৈ আগবাঢ়িছে। তেওঁ লগতে কয় যে ভাৰতত মোবাইল উৎপাদন ইউনিট দুটাৰ ৰ পৰা ২০০ৰো অধিকলৈ সম্প্ৰসাৰিত হৈছে আৰু দেশখন “আজি বিশ্বৰ সৰ্ববৃহৎ মোবাইল উৎপাদন কেন্দ্ৰ” হিচাপে বিবেচিত হৈছে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে আই আই টি মাদ্ৰাজৰ নেতৃত্বত মুঠ আঠটা প্ৰতিষ্ঠানে সহযোগিতামূলক প্ৰকল্প হিচাপে নির্মান কৰা এখন থলুৱা ৫জি “টেষ্ট বেড” মুকলি কৰে। টেলিকম উদ্যোগ, ষ্টাৰ্টআপ আৰু গৱেষকসকলে এই ‘টেষ্ট বেড’ ব্যৱহাৰ কৰি ৫জিত তেওঁলোকৰ গৱেষণাৰ বৈধতা প্ৰদান কৰিব পাৰে।