বক্ৰপথেৰে এপিএছচিৰ চাকৰি লোৱা সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসক গ্ৰেপ্তাৰ কৰা হৈছে ৷ বুধবাৰে নিশা নিয়োগ কেন্দ্ৰৰ সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসক ছয়মাইলৰ ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। এপিএছচিৰ তদন্তৰ বাবে গঠন কৰা এছআইটিয়ে জাননী কৰাৰ পাছতে তেওঁ আত্মগোপন কৰিছিল ৷ দাসে ভাড়াঘৰত বাহিৰৰ পৰা তলা লগাই ভিতৰত লুকাই আছিল বুলি জানিব পৰা গৈছে ।আৰক্ষীয়ে বিশেষ খবৰ লাভ কৰাৰ পাছতে অভিযান চলায় দাসক গ্ৰেপ্তাৰ কৰে ৷
দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকা ৰাকেশ দাস গোলাঘাটৰ ধনশিৰিত কৰ্মৰত আছিল। ইয়াৰ পূৰ্বে ৰাকেশ দাসৰ নলবাৰীৰ শোলমাৰাৰ ঘৰতো এছআইটিয়ে অভিযান চলাইছিল। ৰাকেশ দাসৰ পিতৃ আৰু এজন সহায়ককো সোধাপোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে। উল্লেখ্য যে ৰাকেশ দাসে ন্যায়িক আয়োগৰ বিষয়াৰ সন্মুখত নলবাৰী আৰু ছ’চিঅ’ল’জী শব্দ দুটাই ইংৰাজীত লিখিব পৰা নাছিল।
আনহাতে, ৰাকেশ দাসৰ আটাইকেউখন উত্তৰবহীয়েই জাল বুলি তদন্তত পোহৰলৈ আহিছে ৷ তেওঁৰ উত্তৰবহীসমূহ আনে লিখি দিয়া বুলি সন্দেহ কৰা হৈছে ৷
আনহাতে, এই কেলেংকাৰীত গ্ৰেপ্তাৰ কৰা এপিএছ ঐশ্বৰ্য জীৱন বৰুৱা আৰু ছাহজাহান সৰকাৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৫ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত দুই বিষয়াক জেললৈ প্ৰেৰণ কৰে। প্ৰয়োজন হ’লে কাৰাগাৰতে তেওঁলোকৰ পুনৰ জেৰা চলোৱা হ’ব। তদুপৰি, ১ ডিচেম্বৰত আন দুজন বিষয়াক এছআইটিয়ে তলৱ কৰিছে । এপিএছ সুকন্যা দাস আৰু এছিএষ ধীৰাজ কুমাৰ জৈনক এছআইটিৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।