আজিৰ শিশু কাইলৈৰ দেশৰ ভৱিষ্যৎ ৷ শিশুৰ বিকাশত অধিক গুৰুত্ব প্ৰদানেহে দেশক প্ৰদান কৰিব পাৰিব এক সুস্থিৰ ভৱিষ্যৎ ৷ কিন্তু প্ৰকৃতার্থত শিশুৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিছে নে এই খন চৰকাৰে ? তাক লৈ উত্থাপিত হৈছে প্ৰশ্ন ৷ কিয়নো শেহতীয়াকৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণে দাখিল কৰা বাজেটত যথেষ্ট পৰিমানে হ্ৰাস কৰা হৈছে শিশুৰ উন্নয়নৰ পুঁজি ৷ বহু প্ৰতীক্ষাৰ অন্তত ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে দাখিল কৰা বাজেটত বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কেতবোৰ আঁচনি ঘোষণা কৰিছে যদিও সামগ্ৰিকভাৱে এই বাজেটে নিৰাশ কৰিলে দেশৰ শিশুসকলক ৷ বিগত বর্ষৰ তুলনাত শিশু উন্নয়ন পুঁজি এইবাৰৰ বাজেটত ০ .১১ শতাংশ হ্ৰাস কৰা হৈছে ৷ বাজেটত শিশুৰ উন্নয়নৰ পুঁজি ২.৪৬ শতাংশৰ পৰা ২.৩৫ শতাংশলৈ হ্ৰাস কৰা হৈছে ৷
সীতাৰমণৰ বাজেটত শিশু উন্নয়নৰ কেইবাটাও শিতানত হ্ৰাস কৰা হৈছে এই পুঁজি ৷ ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰজেক্টৰ বাবে বিগত বর্ষত আৱণ্টন দিয়া হৈছিল ১২০ কোটি ৷ ইয়াৰ বিপৰীতে এইবাৰ এই পুঁজি ৩০ কোটিলৈ হ্ৰাস কৰা হৈছে ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত শিশুৰ স্বাস্থ্যৰ বাবে পুঁজি হ্ৰাস কৰা হৈছে ৬ শতাংশলৈ ৷ এই শিতানত ২০২১-২২ বিত্তীয় বর্ষৰ তুলনাত ২০২২-২৩ বিত্তীয় বর্ষত ৩,৪৯৯ কোটি টকা ধার্য কৰা হৈছে ৷ সেইদৰে পি এম পোষণ নামেৰে নামাকৰণ কৰা মধ্যাহ্ন ভোজন আঁচনিৰ বাবেও ১১.০১ শতাংশ হ্ৰাস কৰা হৈছে ৷ সমান্তৰালভাৱে সক্ষম অংগনৱাড়ী আৰু পোষণ ২.০ আঁচনিৰ ক্ষেত্ৰত ১১.২৮ শতাংশ পুঁজি এইবাৰ কমোৱা হৈছে ৷ অৱশ্যে জনজাতীয় শিশুৰ শিক্ষাৰ বিকাশৰ বাবে পুজি ৪১ শতাংশলৈ বৃদ্ধি কৰিছে কেন্দ্ৰই ৷ একলব্য মডেল ৰেচিডেন্সিয়েল স্কুল প্ৰতিষ্ঠাৰ বাবে ধার্য কৰা হৈছে ১,৪১৮ কোটি টকা ৷ প্ৰতিখন ব্ল’কতে এখনকৈ এনে বিদ্যালয় স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ৫০ শতাংশতকৈ অধিক অথবা অতি কমেও ২০ হেজাৰজনজাতীয় লোকে বাস কৰা অঞ্চলত এনে বিদ্যালয় স্থাপন কৰিবলৈ উপযুক্ত হিচাপে ইবেচনা কৰা হ’ব ৷ সামাজিক ন্যায় আৰু সৱলীকৰন মন্ত্ৰালয়ে শিশুৰ কল্যাণৰ অর্থে যোৱা বর্ষৰ তুলনাত ৯৫ শতাংশ বাজেট বৃদ্ধি কৰিছে ৷ লক্ষণীয় যে সামগ্ৰিকভাৱে এইবাৰ বাজেটৰ পুঁজি ১৩.২৫ শতাংশ বৃদ্ধি হোৱাৰ সময়তে শিশুৰ বিকাশৰ ক্ষেত্ৰত পুঁজি হ্ৰাসক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ক’ভিডৰ দৰে মহামাৰীৰে সমগ্ৰ বিশ্ব যুঁজি থকাৰ সময়ত শিশুৰ বিকাশক অধিক গুৰুত্ব প্ৰদান কৰাটো উচিত আছিল বুলিও এই ক্ষেত্ৰখনৰ সৈতে জড়িত বিভিন্ন সংস্থাই মতপোষণ কৰিছে ৷