VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গৰ্ভত সংস্কাৰ কৰা সন্তান! এইবাৰ আৰ এছ এছৰ মহিলা শাখাই আৰম্ভ কৰিলে ‘গৰ্ভ সংস্কাৰ’ কাৰ্যসূচী

voicedesk by voicedesk
March 8, 2023
in মুখ্য সংবাদ
গৰ্ভত সংস্কাৰ কৰা সন্তান! এইবাৰ আৰ এছ এছৰ মহিলা শাখাই আৰম্ভ কৰিলে ‘গৰ্ভ সংস্কাৰ’ কাৰ্যসূচী
0
SHARES
57
VIEWS
Share on FacebookShare on Twitter

এগৰাকী গৰ্ভৱতী মহিলাই ৰাম, হনুমান বা শিৱজীৰ সংগ্ৰামৰ কাহিনী অধ্যয়ন কৰিব লাগে। ফলত জন্মৰ আগতেই গৰ্ভত থকা শিশুটি ভাৰতীয় সংস্কাৰৰ লগত অভ্যস্ত হৈ দেশপ্ৰেমিক হৈ উঠিব  ৷ এই দাবীৰেই  আৰ এছ এছৰ মহিলা শাখা ৰাষ্ট্ৰ সেৱিকা সমিতিৰ সৈতে জড়িত সংগঠন সম্বর্ধনী ন্যাসে গর্ভৱতী মহিলাৰ বাবে ‘গৰ্ভ সংস্কাৰ’ৰ কাৰ্যসূচী আৰম্ভ কৰিছে ৷

 

দেওবাৰে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত স্ত্ৰীৰোগ বিশেষজ্ঞৰ সৈতে হোৱা এক সন্মিলনত ‘গৰ্ভ সংস্কাৰ কাৰ্যসূচী’ৰ ৰূপৰেখা ঠিক কৰাৰ সময়তে কোৱা হৈছে যে এতিয়াৰে পৰা ন্যাসে চিকিৎসকৰ সৈতে যোগাযোগ আৰম্ভ কৰিব। চিকিৎসকসকলে যাতে  গৰ্ভৱতী মহিলাক ৰাম, হনুমান বা শিৱৰ জীৱন কাহিনী পঢ়িবলৈ পৰামৰ্শ দিয়ে তাৰ বাবে আহ্বান জনাব ৷ যাতে গৰ্ভস্থ সন্তানে জন্মৰ আগতেই ভাৰতীয় সংস্কাৰ শিকিবলৈ আৰম্ভ কৰে আৰু দেশপ্ৰেমৰ ধাৰণাত অভ্যস্ত হয়। কেৱল এয়াই নহয়, গৰ্ভৱতী মহিলাক সংস্কৃত গ্ৰন্থ পঢ়িবলৈ পৰামৰ্শ দিয়াৰ লগতে গৰ্ভত হাজাৰ দিন সংস্কাৰ কৰি ‘ভাল সন্তান’ ডাঙৰ-দীঘল কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

 

কিন্তু ভাৰতত সংঘ শিবিৰৰ ‘দেশপ্ৰেমী আৰু সংস্কাৰবাদী শিশু’ উৎপন্ন কৰাৰ দাবীয়ে স্বাভাৱিকতে প্ৰশ্নৰ উত্থাপন কৰিছে। বহু বিৰোধীয়ে ইয়াক হিটলাৰৰ মতাদৰ্শৰ সৈতে তুলনা কৰিছে। সম্বর্ধিনী ন্যাসৰ কৰ্মশালাত ১২খন ৰাজ্যৰ প্ৰায় ৮০জন চিকিৎসকে অংশগ্ৰহণ কৰে। ইয়াৰে অধিকাংশই আছিল স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু আয়ুৰ্বেদ চিকিৎসক।

 

বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সাবিত্ৰী পণ্ডিত  মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁ উপস্থিত থকাৰ পৰা বিৰত থাকে ৷ ন্যাসৰ ৰাজ্যিক সম্পাদক মাধুৰী মাৰাথে দাবী কৰে যে সংস্কাৰৰ প্ৰক্ৰিয়াটো গৰ্ভাৱস্থাৰ পৰাই আৰম্ভ হ’ব পাৰে। ল’ৰা-ছোৱালীক শিকাব লাগে – সবাতোকৈ ওপৰত হৈছে দেশ। এই প্ৰসংগত তেওঁ ছাত্ৰপতি শিৱাজীৰ মাতৃ জিজাবাইৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয়, “গৰ্ভৱতী মহিলাইও তেওঁৰ দৰে প্ৰাৰ্থনা কৰা উচিত — যাতে শিশুৰ মাজত হিন্দু শাসকৰ গুণৰ উন্মেষ ঘটে। গৰ্ভাৱস্থা আৰু সন্তান জন্মৰ পিছৰ দুবছৰ—অৰ্থাৎ যদি আমি হাজাৰ দিনৰ বাবে ‘গৰ্ভ সংস্কাৰ’ কৰোঁ, তেন্তে আমি পৰৱৰ্তী প্ৰজন্মক দেশপ্ৰেমিক কৰি তুলিব পাৰো, এই শিশুসকলেও নাৰীক সন্মান কৰিব।”

 

কৰ্মশালাত মহিলাসকলে গৰ্ভাৱস্থাত গীতা আৰু সংস্কৃত গ্ৰন্থ পঢ়িব লাগে বুলি উল্লেখ কৰে। লগতে দাবী কৰা হৈছে যে যদি ‘গৰ্ভ সংস্কাৰ’ সঠিকভাৱে কৰিব পৰা যায়, তেন্তে গৰ্ভৰ ভিতৰত থকা শিশুৰ ‘ডি এন এ’ সলনি কৰাটো সম্ভৱ।

 

কৰ্মশালাত ডাঃ ৰজনী মিট্টলে কয়, “আমাৰ লক্ষ্য হৈছে গৰ্ভ সংস্কাৰৰ জৰিয়তে দেশত প্ৰতি বছৰে ১০০০ টা কেঁচুৱা প্ৰসৱ কৰা। ইয়াৰ দ্বাৰা ভাৰতৰ পুৰণি গৌৰৱ ঘূৰাই আনিব পাৰে।“ তেওঁৰ যুক্তি ভাৰতত অপৰাধ বহুত বৃদ্ধি পাইছে। বহুতেই ধৰ্ষণকাৰী হৈ পৰিছে। লগতে সন্তানৰ হাতত পিতৃ-মাতৃক হত্যা কৰাৰ খবৰ পোৱা গৈছে। এনে অৱস্থাত যদি ৰামৰ দৰে সন্তান জন্ম হয়, তেন্তে মহিলাসকল নিশ্চয় সুখী হ’ব। কৰ্মশালাখনত লগতে দাবী কৰা হৈছে যে আজিকালি শিশুৰ লিংগৰ কথা চিন্তা কৰাৰ বাবেই সমকামী শিশুৰ জন্ম হৈছে।

Previous Post

অর্ধ আকাশ! পাক সীমান্তত বায়ু সেনাক নেতৃত্ব দিব মহিলা বিষয়াই

Next Post

ঢাকাৰ গুলিস্তানত ভয়ংকৰ বিস্ফোৰণ, ১৫ জন নিহত, শতাধিক আহত

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ঢাকাৰ গুলিস্তানত ভয়ংকৰ বিস্ফোৰণ, ১৫ জন নিহত, শতাধিক আহত

ঢাকাৰ গুলিস্তানত ভয়ংকৰ বিস্ফোৰণ, ১৫ জন নিহত, শতাধিক আহত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7