অ’মিক্ৰন নামৰ ক’ভিডৰ নতুন ভেৰিয়েন্টক লৈ শংকিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৷ বিশ্বৰ কেইবাখনো দেশত সংক্ৰমন হোৱাৰ পাচত কেতবোৰ সাৱধানতামুলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই নতুন ভেৰিয়েন্টৰ সংক্ৰমনৰ পাছত অহা ১৫ নবেম্বৰৰ পৰা নিয়মীয়া আন্ত:ৰাষ্ট্ৰীয় বিমানসেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত বাতিল কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ অসামৰিক বিমানসেৱাৰ সঞ্চালক প্ৰধানে প্ৰকাশ কৰা অনুসৰি নিয়মীয়া বিমানসেৱা আৰম্ভ কৰাৰ দিন পৰৱর্তী সময়ত ঘোষণা ক’ৰা হ’ব ৷ অসামৰিক বিমানসেৱা সঞ্চালকালয়ে এক বিবৃতিত প্ৰকাশ কৰে যে আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ক’ভিডৰ সংক্ৰমনৰ বিষয়টো বিশদভাবে আলোচনা কৰা হৈছে ৷ সকলোৰে সন্মতিমর্ম্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ বিগত বর্ষৰ ২৩ মার্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা বন্ধ ৰখা হৈছিল ৷ পৰৱর্তী সময়ত ক’ভিড পৰিস্থিতি উন্নত হোৱাত এয়াৰ বাব’লৰ জৰিয়তে সীমিত সংখ্যক আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল আৰম্ভ হৈছিল ৷ শেহতীয়াকৈ দেশজুৰি সংক্ৰমন যথেষ্ট হ্ৰাস পোৱাত নিয়মীয়া আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা পুনৰ আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰা হৈছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অ’মিক্ৰনৰ সংক্ৰমনৰ বাবে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছিল ৷