ফুলকুমলীয়া শিশুসহ ১৩ জন লোকৰ প্ৰাণকাঢ়ি নিয়া ধেমাজি বিস্ফোৰণৰ আটাইকেউজন অভিযুক্তকে দোষমুক্ত ঘোষণা কৰিছে উচ্চ ন্যায়ালয়ে ৷ তদন্তত ৰৈ যোৱা আৰক্ষীৰ গাফিলতিৰ বাবেই নিম্ন আদালতে দোষী সাৱ্যস্ত কৰা ৫ জন লোক উচ্চ ন্যায়ালয়ৰ মজিয়াত দোষমুক্ত হ’বলৈ সক্ষম হ’ল ৷ উচ্চ ন্যায়ালয়ৰ এই ৰায়ত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি ধেমাজি বিস্ফোৰণত নিহতৰ আত্মীয়ই প্ৰতিবাদ সাৱ্যস্ত কৰে ৷
২০০৪ চনৰ ধেমাজি বিস্ফোৰণত নিহত হোৱা পৰিয়ালৰ আত্মীয় সকলে ধেমাজি আয়ুক্ত কার্যালয়ৰ সমীপত ধর্ণা কার্যসুচী ৰূপায়ন কৰে ৷ ধেমাজি বিস্ফোৰণত নিহত শ্বহীদক ন্যায় প্ৰদানৰ দাবীৰে এই প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰা হয় ৷ প্ৰতিবাদকাৰীসকলে যিসকল আৰক্ষী বিষয়াৰ তদন্তৰ গাফিলতিৰ বাবে উচ্চ ন্যায়ালত অভিযুক্তসকলে দোষমুক্ত হ’বলৈ সক্ষম হ’ল তেওঁলোকৰ বিৰুদ্ধে এক তদন্ত ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ তেওঁলোকৰ মতে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছত শ্বহীদৰ মর্যদা ৰক্ষা কৰিব নোৱাৰিলে চৰকাৰে ৷
লক্ষণীয় যে ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে ৫ জন লোকক দোষী সাৱ্যস্ত কৰি শাস্তি প্ৰদান কৰিছিল ৷ কিন্তু তেওঁলোকৰ বিৰুদ্ধে সঠিক তথ্য প্ৰমাণ নথকাৰ বাবে উচ্চ ন্যায়ালয়ে সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়দান খাৰিজ কৰে ৷