নৱবর্ষ উদযাপনৰ বাবে সান্ধ্য আইন ৰেহাই দি মাঘ বিহুৰ উৰুকাত কোনধৰণৰ সকাহ নিদিয়াত ৰাজ্যজুৰি হোৱা তীব্ৰ বিতর্কৰ পিছত সেও মানিলে চৰকাৰে ৷ অৱশেষত উৰুকাৰ নিশাও ক’ভিড এছ অ’ পিত কিছু শিথিলতা অনিবলৈ বাধ্য হ’ল ৰাজ্য চৰকাৰ ৷ কালি মুখ্যমন্ত্ৰীয়ে এই সন্দর্ভত কৰা ঘোষণাৰ পাচত আজি আনুষ্ঠানিক জাননী জাৰি কৰিছে অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৷
সেই অনুসৰি উৰুকাৰ নিশা অর্থাৎ ১৩ জানুৱাৰীৰ নিশা ১০ বজাৰ পৰিৱর্তে ১১ বজাৰ পৰা বলবৎ হ’ব নৈশ সান্ধ্য আইন ৷ আনহাতে ১৪ জানুৱাৰীৰ পুৱা ৬ বজাৰ পৰিৱর্তে ৪ বজালৈহে বলবৎ হৈ থাকিব নৈশ সান্ধ্য আইন ৷ অৱশ্যে পৰৱর্তী দিনটোৰ পৰা পুনৰ নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বলবৎ হ’ব নৈশ সান্ধ্য আইন ৷