VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বৰ্ণিল ধৰ্মীয় শোভাযাত্ৰাৰে মুখৰিত * স্মৃতিগ্ৰন্থ উন্মোচন

বেলোৰগুৰি ৰাইজ গয়ৰহৰ ফলহাৰিণী কালিকা পূজা আৰু মহাবিষ্ণু পূজাৰ মহাৰজত জয়ন্তী আৰম্ভ

voicedesk by voicedesk
June 4, 2024
in মুখ্য সংবাদ
বৰ্ণিল ধৰ্মীয় শোভাযাত্ৰাৰে মুখৰিত * স্মৃতিগ্ৰন্থ উন্মোচন
0
SHARES
52
VIEWS
Share on FacebookShare on Twitter

বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বেলোৰগুৰি ৰাইজ গয়ৰহৰ শ্ৰীশ্ৰী ফলহাৰিণী কালিকা পূজা আৰু শ্ৰীশ্ৰী মহাবিষ্ণু পূজাৰ মহাৰজত জয়ন্তী আজিৰে পৰা উখল-মাখল পৰিৱেশৰ মাজত অনুষ্ঠিত হৈছে । আজি পুৱা ৫ বজাত ঊষা কীৰ্তন লগতে ভাগৱত স্থাপনৰ অন্তত ৮ বজাত মহাৰজত জয়ন্তীৰ মুখ্য দ্বাৰ মুকলি কৰে গুৱাহাটী বিমানকোঠ মণ্ডল বিজেপিৰ সভাপতি পদ্মেশ্বৰ মজুমদাৰে । ৮-৩০ বজাত ক্ৰমে বিষ্ণুধ্বজা আৰু কালিধ্বজা উত্তোলন কৰে গুৱাহাটী এয়াৰপোৰ্টৰ চি এ অ’ উৎপল বাদল বৰুৱা আৰু জ্যোতিষ আচাৰ্যী প্ৰবীণ নাথে । ৯বজাত শ্ৰদ্ধাঞ্জলি স্থানত বন্তি প্ৰজ্বলন কৰে বেলোৰগুৰি ৰাইজ গয়ৰহৰ সভাপতি বীৰেণ নাথে, পুষ্পাঞ্জলি অৰ্পণ কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন নাথে । ১০ বজাত বৰ্ণিল ধৰ্মীয় শোভাযাত্ৰা মুকলি কৰে উদযাপন সমিতিৰ সভাপতি যতীন নাথে । দিনৰ এক বজাত বিনয় কুমাৰ নাথ, মৃদুল নাথ সম্পাদিত স্মৃতিগ্ৰন্থ উন্মোচন কৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক, কবি দীপক শৰ্মাই কয়- “ধৰ্মৰ মূল লক্ষ্য মানৱৰ কল্যাণ সাধন কৰা ।

মানৱক শুদ্ধ পথৰ সন্ধান দিয়া । সৃষ্টিকৰ্তা ব্ৰহ্মা হ’ল ৰজোগুণী আৰু পালনকৰ্তা বিষ্ণু হ’ল সত্বগুণী । প্ৰকৃতি দেৱীকেই কোৱা হয় আদ্যশক্তি, মহামায়া জগতজগনী, দেৱী ভগৱতী । ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চাবি পুৰুষাৰ্থৰ ধৰ্মক প্ৰধান বুলি বিবেচনা কৰা ভাৰতীয় সভ্যতাই সনাতনি হিন্দু ধৰ্মৰ মাজেৰে বিভিন্ন দেৱী- দেৱতাক যুগ-যুগ ধৰি আৰধনা কৰি আহিছে ।” ইয়াৰ পিছতে ভাগৱত পাঠ আৰু বিশ্লেষণ অনুষ্ঠানত অংশ লয় শৰৎ ঠাকুৰীয়া, মহেশ মহন্ত, গৌৰী নাথ আৰু প্ৰদিনী বৰুৱাই । সন্ধিয়া ৬-৩০ বজাত মহাৰজত জয়ন্তীৰ ১২৬ গছি বন্তি প্ৰজ্বলন কৰে ভিন-ভিন প্ৰান্তৰ ১২৬ জন অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী, আৰক্ষী বিষয়া, অধিবক্তা, গাঁওপ্ৰধান, সত্ৰাধিকাৰ, চিকিৎসক, সাংবাদিক আদিয়ে । ৭বজাত ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰে প্ৰফুল্লা নাথে । ইয়াৰ পিছতে নলবাৰীৰ বৈজয়ন্তী তালুকদাৰৰ দলৰ নাগাৰা নামৰ লগতে সত্ৰীয়া নৃত্য আদি প্ৰদৰ্শন কৰা হয় । ১২৫ বছৰে অনুষ্ঠিত কৰি অহা শ্ৰীশ্ৰী ফলহাৰিণী কালিকা পূজা আৰু শ্ৰীশ্ৰী মহাবিষ্ণু পূজাৰ মহাৰজত জয়ন্তী উপলক্ষে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে হিয়া উজাৰি পূজা উদযাপনৰ পোষকতা কৰিছে । এই উৎসৱ ৬ জুনত সামৰণী পৰিব ।

Previous Post

তিনিবিধ ‘ক’লা’ খাদ্য: পুষ্টি প্ৰদান কৰাৰ উপৰিও ওজন নিয়ন্ত্ৰণত কৰে সহায় ?

Next Post

আজি টি-২০ বিশ্বকাপত ভাৰতৰ প্ৰথম মেচ,আয়াৰলেণ্ডৰ বিৰুদ্ধে আৰম্ভ কৰিব অভিযান

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আজি টি-২০ বিশ্বকাপত ভাৰতৰ প্ৰথম মেচ,আয়াৰলেণ্ডৰ বিৰুদ্ধে আৰম্ভ কৰিব অভিযান

আজি টি-২০ বিশ্বকাপত ভাৰতৰ প্ৰথম মেচ,আয়াৰলেণ্ডৰ বিৰুদ্ধে আৰম্ভ কৰিব অভিযান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7