“বৰষাৰ ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাত ” সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্য-সংস্কৃতি
জগত খনৰ বিদুষী সাহিত্যিক , সৰস্বতী নিৰ্মলপ্ৰভা বৰদলৈৰ আজি স্মৃতি দিৱস। অসমীয়া সাহিত্যক সকলো দিশে আলোকিত কৰা ড° নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰতিভাই আজিও সকলোকে মোহাচ্ছন্ন কৰি ৰাখিছে। অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ উৎজ্বল, নক্ষত্ৰ সকলোৰে প্ৰেৰণাৰ উৎস আৰু সকলোৰে আদৰ্শ হিচাপে তেওঁ মহীয়সী হৈ পৰিছিল। একেধাৰে তেওঁ গীতিকাৰ ,কবি , শিশু সাহিত্যিক উপন্যাসিক , নাট্যকাৰ , অনুবাদক , গদ্যলেখক তথা লোক সংস্কৃতিৰ গৱেষক ।
বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰৰ আমোলাপট্টিত ১৯৩৩ চনৰ ২০ জুনত পিতৃ ধৰ্মেশ্বৰ বৰদলৈ আৰু মাতৃ মুক্তাবালাৰ ঔৰসত জন্ম গ্ৰহণ কৰিছিল। নিৰ্মল প্ৰভা বৰদলৈয়ে বাল্যকালৰ শিক্ষা শিৱসাগৰতে গ্ৰহণ কৰিছিল। গুৱাহাটী কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° বৰদলৈ পিছলৈ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ দ্বাৰা ৰাষ্ট্ৰীয় অধ্যাপিকা পদত অধিষ্ঠিত হৈছিল।
পাাচীন কালৰে পৰা কবি আৰু গীতিকাৰ সকলক প্ৰকৃতি জগত খনে আকৰ্ষিত কৰি আহিছে।সেয়েহে তেওঁলোকে প্ৰকৃতিক লৈ বিভিন্ন কবিতা , গীত আৰু সাহিত্য ৰচনা কৰিছে। প্ৰথিতযশা লেখিকা ড°নিৰ্মলপ্ৰভা বৰদলৈও ইয়াৰ ব্যতিক্ৰম নহয়। তেখেতৰ গীত সমূহ মূলত প্ৰেম , প্ৰকৃতি জগতৰ বিচিত্ৰতা , দেশপ্ৰেম , নাৰীশক্তি , মাতৃস্নেহ , নাৰীৰ বন্দিত্ব আদি বিভিন্ন দিশ ফুটি উঠিছে। ড° নিৰ্মল প্ৰভা বৰদলৈ প্ৰকৃততে প্ৰকৃতিৰ মাজত ডাঙৰ-দীঘল হোৱা প্ৰকৃতি জীয়াৰী। তেখেতে নাৰীক সদায় প্ৰকৃতিৰ এক অংগ হিচাপে অংকিত কৰিছে। প্ৰকৃতিৰ শ্যামবৰণীয়া ৰূপে তেওঁক সদায় মোহিত কৰিছে।
“বৰ্ষা ঋতু ভাল পাওঁ মই প্ৰতিশ্ৰুতি আছে তাত ” নামৰ গীতটিত বৰষা কালৰ এখন সুন্দৰ ছৱি দাঙি ধৰিছে। গীতিকাৰ যেন প্ৰকৃতিৰ লগত বিলীন হৈ গৈছে । মেঘৰ গাজনি , ধুমুহা , বৰষুণ আদি প্ৰকৃতিৰ লগত কৃষ্ণচূড়া, সোণাৰুৱে মিলি যেন মোহনীয়া মেলাহে পাতিছে।
“কাজল মেঘৰ সজল চকুৰ গভীৰ নীলিম ছাঁই , শুকান ধৰাৰ বুকুত ফুলালে আশাৰ খৰিকাজাঁই” নামৰ গীতটি যেন বৰষা ঋতুৰ প্ৰশস্তিহে ; কিয়নো নিৰ্মল প্ৰভা বৰদলৈৰ ভাষাত বৰষাই ধৰাৰ বুকুত স্নেহৰ মদিৰাৰে সৃষ্টিৰ জোৱাৰ তোলে।
” তুমিয়ে আহিলা শেৱালি সুৰভি হৈ” নামৰ গীতটিত শৰতৰ আগমনত নিয়ৰৰ মুকুতাত , কঁহুৱা বনত লগতে মনৰ মাজত কেনে শিহৰণৰ সৃষ্টি হয় তাৰ এখন সুন্দৰ চিত্ৰ সুৰৰ মাজেদি দাঙি ধৰিছে।
ফাগুনৰ লগে লগে বসন্তৰ আগমণ ঘটে । ফাগুন আৰু বসন্তৰ ঋতুক লৈ তেখেতে বহুত গীত ৰচনা কৰিছে।
“ফাগুনৰে পলাতক ৰং ” নামৰ গীতটিৰ যোগেদি ফাগুনে যেন নিৰাশাৰ দুখ নাইকীয়া কৰি মানুহক হাঁহিবলৈ শিকায়।
“পলাশ ৰঙিলী ওঁঠেৰে হাঁহিলা , বাটৰ কুঁৱলী মচি” গানটোত শিমলু , কাঞ্চন , কপৌকে আদি কৰি বসন্ত কালৰ সুন্দৰ বাগিছা এখন চকুৰ আগত ভাঁহি আহে।
ড°নিৰ্মলপ্ৰভা বৰদলৈৰ বৈবাহিক জীৱন সহজ নাছিল। কম বয়সতে বিয়া হোৱা বৰদলৈৰ ১৩ বছৰ বয়সতে এটি কন্যা সন্তান জন্ম হোৱাৰ পিছতে তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। বুকুত একমাত্ৰ সন্তানক বান্ধিলৈ জীৱনৰ ঘাত-প্ৰতিঘাতক হেলাৰঙে অতিক্ৰম কৰি জীৱনক অনুপম কৰি সাহিত্য আৰু সংস্কৃতিৰ জগত খনত নামি পৰিছিল। সুখ-দুখ , যন্ত্ৰনা , নিসংগতা , কঠিনতা ,আৰ্তনাদ , প্ৰকৃতি , জোনাক ,সৌন্দৰ্য , অশ্ৰু, ধুমুহা আদিৰে পৰিবেস্তিত তেওঁৰ কবিতা। কবি হিচাপে তেখেতে নিজৰ জীৱনটোকেই আটাইতকৈ ডাঙৰ কবিতা হিচাপে অভিহিত কৰিছে।
“জীৱনৰ অন্য নাম যন্ত্ৰনা
টোম এটা সাজিবলৈও
বেতজল , ধাইজল
তুলাব লাগে
মুৰ্তি এটা গঢ়িবলৈও
শিলডোখৰ কাটিব লাগে”।
জীৱনৰ দুখ-বেদনা , সুখ-আনন্দৰ প্ৰকাশৰ মাধ্যম হিচাপে কবিতাৰ মাজেদি শ্বাশ্বত সত্যবোৰ দাঙি ধৰিছিল।
ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে শিশুৰ বাবে শিশু কবিতা , ওমলা গীত ,সাধুকথা আদি ১৭ খন গ্ৰন্থ ৰচনা কৰিছে।
” গধূলি গধূলি পিৰালি কাষতে
ক’লা চুলি মেলি শিয়ালি ফুৰে
জাধলী আইতাৰ আঁচলৰ আঁৰতে
হাত মেলি মেলি টোপনি উৰে।”
শিশু সকলৰ বাবে তেওঁ আছিল ‘নীলা বাইদেউ’। “এই আকাশৰ দৰে নীলা , তোক চাবহে পাৰি , চুব নোৱাৰি ” – বুলি এখুদ ককাইদেউ নৱকান্ত বৰুৱাই উল্লেখ কৰিছিল। তেখেতৰ প্ৰথম খন শিশু গ্ৰন্থৰ বাবে ৰাষ্ট্ৰপতি এৱাৰ্ড ( সৰ্বভাৰতীয় প্ৰথম ) লাভ কৰে।
অসম সাহিত্য সভাৰ দ্বিতীয় গৰাকী মহিলা সভানেত্ৰী পদত অধিষ্ঠিত ড° বৰদলৈৰ ব্যক্তিত্ব আছিল অসাধাৰণ। বহু সন্মান আৰু বঁটাৰে সন্মানিত ড° নিৰ্মলপ্ৰভা বৰদলৈ অসমৰ আকাশৰ এটি উজ্বল নক্ষত্ৰ।
২০০৪ চনৰ ১ জুনত তেখেতৰ মহাপ্ৰয়ান ঘটে। নীলা বাইদেউ আজি নাই যদিও তেওঁৰ কবিতাই সদায় সোঁৱৰাই থাকিব তেওঁৰ অস্তিত্ব আৰু গীতৰ মাজেৰে জীয়াই থাকিব সকলোৰে হৃদয়ে হৃদয়ে।
” মই নাথাকিলে
সাঁজৰ চৰাই
মোৰেই কথাকে ক’ব “।