চচল শতদল শাখা সাহিত্য সভাৰ উদ্যোগত ১৭-০১-২০২২ তাৰিখ মংগলবাৰে শাখা সভাৰ কাৰ্যালয় ৰবীন্দ্ৰনাথ দাস সভাগৃহত সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৭২ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি প্ৰখ্যাত মুকাভিনয় শিল্পী, সংগীত-নাটক অকাডেমী বঁটা প্ৰাপক মইনুল হকদেৱক শিল্পী সম্বৰ্ধনা জনোৱা হয় ।
শিল্পী দিৱসৰ দিনযোৰা কাৰ্যসূচীৰ পুৱা ৮-৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখাৰ নৱ-নিৰ্বাচিত উপ-সভাপতি কনক মহন্তই, ৯-০০ বজাত স্মৃতি তৰ্পণ কৰে প্ৰাক্তন সভাপতি কৃষ্ণকান্ত নাথে । বিয়লি ৩-০০ বজাৰ মুকলি সভাত সভাপতিত্ব কৰে শাখাৰ সভাপতি বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰে । সভাত বিশিষ্ট শিক্ষাবিদ, ডিব্ৰুগড় বিশ্ব-বিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° আনন্দ বৰমুদৈদেৱে অসমীয়া সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিগৰাকীৰ ৰচিত নাটসমূহৰ তাত্ত্বিক বিশ্লেষণ আগবঢ়াই উপস্থিত ৰাইজক আপ্লুত কৰে ।
লগতে স্থানীয় কণ কণ চেমনীয়া সকলে পৰিৱেশন কৰা জ্যোতিপ্ৰসাদৰ গীতৰ শৰায়ে সভাগৃহ মুখৰিত কৰে । অসম সংগীত “অ’ মোৰ আপোনাৰ দেশ” গীতেৰে সভাৰ সামৰণি পৰে ।