আগন্তুক গণৰাজ্য দিৱস কেন্দ্রীয়ভাৱে উদযাপনৰ প্ৰস্তুতি সম্পৰ্কত বিভিন্ন বিষয় আলোচনা কৰিবলৈ আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়। আৰক্ষী প্ৰশাসন, সামৰিক আৰু অসামৰিক বাহিনীৰ বিষয়-ববীয়া, তথা বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থকা এই সভাত আগন্তুক গণৰাজ্য দিৱস উদযাপনৰ বাবে নিজ-নিজ দায়িত্বসমূহ সংশ্লিষ্ট বিভাগসমূহক অৰ্পন কৰা হয়। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ উদযাপনস্থলীত চি চি টি ভি কেমেৰা সংস্থাপন, পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা, খোৱা-পানী যোগান, অস্থায়ী টয়লেট স্থাপন আদি কাম আগতীয়াকৈ সমাপন কৰাৰ লগতে পেৰেডৰ অনুশীলন আৰম্ভ কৰিবলৈ উপায়ুক্তই সভাত সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে।
গুৱাহাটী পৌৰনিগমক ডাষ্টবিন, জাৱৰ-জোথৰ আদি পৰিষ্কাৰ কৰাৰ বাবে ব্যৱস্থা ল’বলৈ সভাত উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। সেইদৰে ৰাষ্ট্ৰীয় পতাকাৰ মৰ্যাদা অটুট ৰাখি বিদ্যালয়সমূহত গণৰাজ্য দিৱস পালন কৰাতো নিশ্চিত কৰিবলৈ বিদ্যালয় পৰিদৰ্শকগৰাকীক দায়িত্ব অৰ্পণ কৰা হয়। অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকাই সকলো বিভাগকে গণৰাজ্য দিৱসৰ পাঁচদিন পূৰ্বে নিজ নিজ দায়িত্বসমূহ সম্পন্ন কৰাৰ বিষয়ে প্ৰশাসনক নিশ্চিত কৰিবলৈ আহ্বান জনায়।