গড়ঁ হত্যা ৰোধ কৰাৰ বাবে বর্তমানৰ চৰকাৰে গ্রহণ কৰিছে কেতবোৰ পদক্ষেপ ৷ এই ক্ষেত্ৰত বহু পৰিমানে সফলো হৈছে অসম চৰকাৰৰ ৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসমৰ এশিঙীয়া গড়ঁ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপৰ বাবে প্ৰশংসাও কৰিছে ৷ ইয়াৰ মাজতে গড়ঁৰ চোৰাং চিকাৰীৰ সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা কৰিছে অসম আৰক্ষীয়ে ৷ অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক টুইট যোগে সদৰী কৰিছে ৷ আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰা চোৰাংচিকাৰী কেইজন হৈছে আতাউৰ ৰহমান, আব্দুল মটিন, আছমত আলী ৷ এই চোৰাংচিকাৰী কেইজনৰ সন্ধান দিলে ২ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব আৰক্ষীয়ে ৷ তদুপৰি গড়ঁৰ খর্গ উদ্ধাৰ কৰিব পৰাকৈ আৰক্ষীক তথ্য দিলে ৫ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে ৷