সমগ্ৰ বিশ্বৰ ভিতৰতে এক বিৰল প্ৰাণী গঁড়৷ জাৰ সংৰক্ষনৰ বাবে প্ৰতিমূহুৰ্ততে তৎপৰ হৈ থাকে প্ৰশাসন ৷ কিন্তু তাৰ পিছতো গঁড় হত্যা কৰি খড়্গ লৈ উধাও হ’ল চোৰাংচিকাৰী ৷ অৱশ্যে এই ঘটনা অসম নাইবা ভাৰতৰ নহয় ৷ এই ঘটনা সংঘটিত হৈছে নেপালৰ চিতৱন ৰাষ্ট্ৰীয় উদ্যানত ৷
যোৱা নিশা চিতৱান ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে মাতৃ আৰু পোৱালি দুয়োকে হত্যা কৰি লৈ গ’ল খড়্গ ৷ সামাজিক মাধ্যম টুইটাৰত এই সন্দৰ্ভত সবিশেষ বৰ্ণনা দি এখন ফটো আপলোড কৰে পাৰবিন কাছৱান নামৰ এজন বন বিষয়াই ৷