কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ চোৰাং চিকাৰীয়ে এটা গড়ঁ হত্যা কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ শিলখেন্দা অঞ্চলত উদ্ধাৰ হৈছে গড়ঁটোৰ মৃতদেহ ৷ বন কর্মীয়ে মৃত গড়ঁটো পহৰাৰ সময়তে প্ৰত্যক্ষ কৰে বুলি জানিব পৰা গৈছে ৷ পৰৱর্তী সময়ত তেওঁলোকে ঘটনা সন্দর্ভত উচ্চ পদস্থ বিষয়াসকলক অৱগত কৰে ৷ ইতিমধ্যে শীর্ষ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে ৷ গড়ঁটোৰ খর্গ কাটি নিয়াৰ বাবে চোৰাংচিকাৰীয়ে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ অৱশ্যে এতিয়ালৈ আনুষ্ঠানিকভাৱে কোনোধৰণৰ তথ্য প্ৰকাশ কৰা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ কতৃপক্ষই ৷ স্বাভিৱকতে দীর্ঘদিনৰ পাছত পুনৰ চোৰাংচিকাৰীৰ গুলীত বিশ্বখ্যাত এশিঙীয়া গড়ঁ হত্যা কৰাক লৈ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে ৷