দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ শুকুৰবাৰে ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে ৷ কেৰালাৰ ২০খন লোকসভা আসনত, কৰ্ণাটকৰ ২৮খন আসনৰ ভিতৰত ১৪খন, ৰাজস্থানৰ ১৩খন আসন, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ আঠখনকৈ আসন, মধ্যপ্ৰদেশৰ ৬খন আসন, অসম আৰু বিহাৰৰ ৫খন আসন, ছত্তীশগড় আৰু পশ্চিম বংগত তিনিখনকৈ আসন আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু-কাশ্মীৰত এখনকৈ আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷
আজি ভোটগ্ৰহণ হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত উল্লেখযোগ্য প্ৰার্থী সকল হৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, বিজেপিৰ তেজস্বী সূৰ্য্য, হেমা মালিনী, আৰু অৰুণ গোভিল, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু শশী থাৰুৰ, আৰু কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেডিএছৰ এইচডি কুমাৰস্বামী।
এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ) কৰা স্ব-শপতনামাৰ বিশ্লেষণ অনুসৰি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত সৰ্বাধিক ধনী প্ৰাৰ্থী হৈছে কৰ্ণাটক কংগ্ৰেছৰ নেতা ভেংকটাৰমনে গৌড়া ৷ এইচ ডি কুমাৰস্বামীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা মিষ্টাৰ গৌড়াই ৬২২ কোটি টকাৰ সম্পত্তি ঘোষণা কৰিছে।
বৰ্তমানৰ কৰ্ণাটক কংগ্ৰেছৰ সাংসদ ডি কে সুৰেশ ৫৯৩ কোটিৰ সম্পত্তিৰ সৈতে দ্বিতীয় ধনী প্ৰাৰ্থী। কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ কনিষ্ঠ ভাতৃ সুৰেশ তিনিবাৰৰ সাংসদ আৰু তেওঁ বাংগালুৰু গ্ৰাম্যৰ পৰা পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেওঁৰ শপতনামা অনুসৰি তেওঁৰ বেংকত জমা হিচাপে ১৬.৬১ কোটি টকা আছে, ৩২.৭৬ কোটি টকাৰ ২১টা স্থানত কৃষিভূমি, ২৭টা ঠাইত ২১০.৪৭ কোটি টকাৰ অকৃষিভূমি, ২১১.৯১ কোটি মূল্যৰ ৯টা বাণিজ্যিক ভৱন আৰু তিনিটা আৱাসিক ভৱন আছে , যাৰ মূল্য ২৭.১৩ কোটি টকা।
মথুৰা লোকসভাৰ আসনৰ পৰা পুনৰ যুঁজ দিয়া বিজেপি সাংসদ হেমা মালিনীয়ে ২৭৮ কোটি সম্পত্তিৰে তৃতীয় স্থানত আছে। এই তালিকাত চতুৰ্থ স্থানত আছে মধ্যপ্ৰদেশ কংগ্ৰেছ নেতা সঞ্জয় শৰ্মা। তেওঁ ২৩২ কোটি মূল্যৰ সম্পত্তি ঘোষণা কৰিছে। কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী এই তালিকাত পঞ্চম স্থানত আছে আৰু তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২১৭.২১ কোটি ৷
ইয়াৰ বিপৰীতে মহাৰাষ্ট্ৰৰ নন্দেদৰ পৰা নিৰ্দলীয় হিচাপে লোকসভা নিৰ্বাচনত প্ৰার্থীত্ব আগবঢ়োৱা লক্ষ্মণ নাগৰাও পাটিল দ্বিতীয় পৰ্যায়ত সৰ্বনিম্ন সম্পত্তিৰ গৰাকী। তেওঁৰ শপতনামা অনুসৰি তেওঁ ৫০০ টকা মূল্যৰ সম্পত্তি ঘোষণা কৰিছে। পাটিলৰ পিছতে আন এজন নিৰ্দলীয় প্ৰাৰ্থী ৰাজেশ্বৰী কে আৰ, যিয়ে কেৰেলাৰ কাছাৰাগোডৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু তেওঁৰ সম্পত্তিৰ মূল্য ১০০০ টকা । অমৰাৱতী (এছ চি)ৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰা পৃথ্বীসমৰাট মুকিন্দ্ৰাও দীপৱাংছে এই তালিকাত তৃতীয় স্থানত আছে আৰু তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৪০০ টকা। ৰাজস্থানৰ যোধপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা দলিত ক্ৰান্তি দলৰ নেতা শ্বাহনাজ বানোৱে ২০০০ টকা মূল্যৰ সম্পত্তি ঘোষণা কৰিছে।কেৰালাৰ কোট্টায়মৰ পৰা ভাৰতীয় সমাজবাদী ঐক্য কেন্দ্ৰ (কমিউনিষ্ট)ৰ দ্বাৰা প্ৰক্ষেপিত ভি পি কোচুমন ২,২৩০ টকাৰ সম্পত্তিৰে এই তালিকাত পঞ্চম স্থানত আছে।