প্ৰেমিকে গাড়ীৰে চেপি প্ৰেমিকাক হত্যা কৰিবলৈ কৰা এক ঘটনাই জোকাৰি গৈছে সমগ্ৰ মহাৰাষ্ট্ৰ ৷চৰকাৰী আমোলাৰ পুত্ৰ অশ্বজিৎ গাইকৱাদ আৰু তেওঁৰ বন্ধুই মিলি হত্যাৰ চেষ্টা কৰে যুৱতী গৰাকীয়ে ৷ এই শিহৰণকাৰী বর্ণনা আগবঢ়াইছে ভুক্তভোগী প্ৰিয়া সিঙে।
যোৱা ১১ ডিচেম্বৰৰ নিশাৰ ঘটনা এয়া । মহাৰাষ্ট্ৰৰ আমোলা অনিল গাইকোৱাদৰ পুত্ৰ অশ্বজিতে প্ৰেমিকা প্ৰিয়াক গাড়ীৰে খুন্দিয়াই হত্যা কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰিয়াই দাবী কৰে যে অশ্বজিত বিবাহিত ৷ কিন্তু সেই তথ্য তেওঁৰ পৰা লুকুৱাই ৰাখিছে। বহুদিনৰ মূৰত যেতিয়া অশ্বজিতৰ বিয়াৰ কথা গম পালে, তেওঁ তাক সেই বিষয়ে সুধিলে। কিন্তু অশ্বজিতে এই বিবাহক অস্বীকাৰ কৰে। প্ৰিয়াই দাবী কৰে যে তেওঁৰ পৰিয়ালৰ লোকেও অশ্বজিতৰ সৈতে সম্পৰ্কৰ বিষয়ে জানিছিল। অশ্বজিতে তেওঁক বিয়া কৰাম বুলি প্ৰতিশ্ৰুতি দিছিল । কেৱল সেয়াই নহয়, প্ৰিয়াই দাবী কৰে যে পিছত অশ্বজিতে তেওঁক পত্নীক বিবাহ বিচ্ছেদ কৰা বুলি জনাইছিল।
প্ৰিয়াই লগতে কয় –“যোৱা দেওবাৰে মই অশ্বজিতক ক’ত আছে বুলি সুধিছিলো । তেওঁ বন্ধুসংগীতৰ ঘৰত এটা অনুষ্ঠানত থকাৰ কথা জনাইছিল। তালৈ মই যেতিয়া গ’লো তেতিয়া অশ্বজিত থতমত খালে। কাৰণ তেওঁ মিছা কথা কৈছিল। সেই সময়ত পত্নীৰ লগত আছিল অশ্বজিত। এইখিনি দেখি মই সংগীতৰ ঘৰৰ পৰা ওলাই আহিলো । তাৰ পাছত পাছত বন্ধু-বান্ধৱীক পঠিয়াই দিলে মোৰ ওচৰলৈ । পিছত তেওঁ নিজেই মোৰ ওচৰলৈ আহে । কিয় মিছা কথা কৈছিল বুলি মই সুধিছিলো ? “ইয়াৰ পিছতে অশ্বজিত আৰু তেওঁৰ বন্ধুসকলে তেওঁক আক্ৰমণ কৰে বুলি প্ৰিয়াই সদৰী কৰিছিল ৷ আনকি গাড়ীৰে খুন্দিয়াই তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰে। যাৰ বাবে এখন ভৰিৰ হাড়ঁ ভাঙি যোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷