বিগত বর্ষত এসপ্তাহতকৈ অলপ বেছি সময়ৰ ভিতৰতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে কৰদাতাৰ ধনৰ ৫ লাখ ইউৰোতকৈ অধিক ধন ব্যক্তিগত জেট বিমানত ব্যয় কৰিছে ৷ ভাৰতীয় টকাৰ হিচাপত এই ধনৰ পৰিমান হ’ব ৪,৪৬,৬৭,২৯২ টকা ৷ ইজিপ্তত অনুষ্ঠিত হোৱা চিঅ’পি ২৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ব্ৰিটেইন চৰকাৰে ব্যক্তিগত জেট ভ্ৰমণৰ বাবে ১০৮ হাজাৰ ইউৰো ব্যয় কৰে ৷
এসপ্তাহৰ পাছত তেওঁ ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনলৈ যাত্ৰা আৰম্ভ কৰে, যাৰ বাবে ৩ লাখ ৪০ হাজাৰ ইউৰোতকৈ অধিক খৰচ হয়।
ডিচেম্বৰ মাহত সুনাকৰ লাটভিয়া আৰু ইষ্ট’নিয়া ভ্ৰমণৰ বাবে ৬২,৪৯৮ ইউৰো ব্যয় হৈছিল ৷ সেই সময়ত ব্যক্তিগত খৰচ ২৫০০ ইউৰো বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছে। লিবাৰেল ডেম’ক্ৰেটসকলে আর্থিক সংকটৰ সময়ত “কৰদাতাৰ ধনৰ আচৰিত ধৰণৰ অপচয়” বুলি অভিহিত কৰে।
টুইটটোত কোৱা হৈছে যে, “যি সময়ত মানুহে বিল পৰিশোধ কৰিবলৈ সংগ্ৰাম কৰি আছে, সেই সময়ত এইটো কৰদাতাৰ ধনৰ এক আচৰিত ধৰণৰ অপচয়। “ চৰকাৰী মুখপাত্ৰই কয় যে প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক ভ্ৰমণ আৰু শীৰ্ষ সন্মিলনৰ সময়ত বিশ্বৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হৈছে ৷ ইয়াত নিৰাপত্তা, প্ৰতিৰক্ষা আৰু বাণিজ্যকে ধৰি গুৰুত্বপূর্ণ বিষয় অন্তভুর্ক্ত কৰা হৈছে ।